তোমালৈ বুলি
✍তোমালৈ বুলি✍
✍
তুমি আহিবা
মোৰ মৃত্যুৰ দিনা …
মোৰ নিঠৰ দেহাতি চাবা
যেতিয়া বগা কাপোৰে ঢাকি ৰাখিব …
চকুলো নুটুকিবা তুমি
মোৰ মৃতদেহৰ কাষত …
জীৱাই থাকোতে তুমি নুবুজিলা মোক …
তুমি জানো কোৱা নাছিলা এদিন
তোমাৰ বাবে মই এটি বুজা হোৱা বুলি …
মোৰ হৃদয়ে কান্দিছিল জানা …
তুমি কোৱা কথাষাৰে মোৰ
বুকুত এখনি চুৰিৰ দৰে আঘাট কৰিছিল …
তোমাক কোৱা নাছিলো
মোৰ দুখৰ কথা …
তোমাৰ সুখত সুখী হৈ মই আঁতৰি আহিছিলো
বুকুৰ দুখবোৰ লুকুৱাই
দুটি ওঁঠত এটি হাঁহি জিলিকাই …
আৰু আজি আঁতৰি আহিলো …
তোমাৰ পৰা নেদেখা কোনো অজান দেশলৈ …
তুমি ভুল নুবুজিবা তোমাক
মই অভিশাপ দিম বুলি
তুমি দিয়া দুখৰ বাবে …
তুমি সুখী হোৱা
আৰু তোমাৰ সুখতে মই সুখী …
✍😥😥
Nice
ReplyDelete