আকৌ ওভতিছো
আকৌ ওভতিছো
স্মৃতিৰ পাতবোৰ খুচৰি খুচৰি
অতীতলৈ
যত মই এৰি আহিছো
মোৰ হৃদয়খন
ভালপোৱাৰ ঠিকনা এটাত
আৰু এৰি আহিছো
কাৰোবাৰ বুকুৱেদি
নৈ হৈ বৱ খোজা শিমলুফুলীয়া হেঁপাহ এডৰা
আজি অনুসুচনাত দগ্ধ মই
গলি গলি সৰি পৰিছে হৃদয়ৰ তেজৰঙা টুকুৰাবোৰ
দুচকুৰে বাগৰিছে বিষাদৰ ৰুপুৱালী নৈ এখন
বুজা নাছিলো তেতিয়া
হয়তো বুজিবও খোজা নাছিলো
তোমাৰ বুকুৰ কথাবোৰ
হৃদয়ে বিছাৰিছিল
অথচ বিছৰা নাছিলো মই
বন্দী হব তোৰ জীপাল মৰমবোৰৰ মাজত
বৰ মানুহ হোৱাৰ হেঁপাহ আছিল মোৰ
হলো
অথচ কৰোবাত যেন মই
কৰোবাৰ আৱেগ অনুভুতি
মৰমক হত্যা কৰা
হৃদয়হীন অমানুহহে হৈ ৰলো
জিকি জিকও
যেন বেয়াকৈ সাৰি গলো মই
জীৱন নামৰ সাগৰখনিৰ
বঠা বাৱ নজনা নাৱৰীয়াহে হৈ ৰলো
বহু পালো জীৱনত
পোৱাবোৰৰ আনন্দত
হেৰুৱাবোৰৰ কথা ভাবিবলৈ
আহৰিয়েই নাপালো
জীৱনৰ এই বিয়লি বেলাত
এতিয়া স্মৃতিৰ দায়েৰীখন
মেলি লৈ
হিচাপ কৰিছো জীৱনৰ পোৱা নোপোৱবোৰ
সেমেকা দুচকুত এতিয়া
অতীতৰ সেই পাইয়ো হেৰুৱাৰ চবিবোৰে আগা দেৱা কৰিছে
যত কাৰোবাৰ হৃদয়ত মোৰ বাৱে ভালপোৱাৰ ঠিকনা এটা আছিল ......
Comments
Post a Comment