অনুভৱ ( ১ )

অনুভৱ ( ১ )
"
"
লুইতৰ পাৰৰ কহুঁৱা বোৰে কয়
মন যায় সৌ দূৰৈৰ বিশাল নীলা আকাশখন চুবলৈ
মন যায় আকাশৰ বুকুত অলপ জিৰণি লবলৈ  । ।
"
"
পাহাৰৰ সেই জুৰিতিয়ে কয়
মন যায় নদীৰ বুকুত বিলিন হবলৈ
নদীৰ মৰমেৰে নিজকে সাৱতি লবলৈ । ।
"
"
নদীখনে কয়
মন যায় বিশাল সাগৰৰ মৰম পাবলৈ
সাগৰৰ বুকুত নিজকে বিলাই দিবলৈ
কোনো নেদেখা অসীমলৈ । ।
"
"
____________ সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…