প্রতিশ্রুতি

প্রতিশ্রুতি
        ✍ৰাহুল দাস

"নালাগে আৰু তোমাৰ মৰম''
সিদিনা আছিল ব'হাগ মাহৰ অন্তিম দিন।
তোমাৰ সৈতে এক হোৱাৰ অদম্য হেপাঁহ আশা বোৰৰ পূর্ণ ফলশ্রুতি,।
হোঁমৰ গুৰিত সাক্ষি কৰি জীৱন ডোলত বগাবলৈ লৈছিলোঁ।
ভগবানক সাক্ষী কৰি সমজুৱাকৈ তোমাক জাপি দিছিলোঁ অশেষ প্রতিশ্রুতি...!
আজিও মোৰ সেই প্রতিশ্রুতি
প্রতিশ্রুতি হৈয়ে আছে তোমাৰ বাবে। ,
কিন্তু তুমি আজি মোক জীৱন যুঁজত অকলে এৰি
ভুঁৱা প্রতিশ্রুতি দি গ'লা।
মাথো থৈ গ'লা মোৰ ঔৰসত তোমাৰ ৰক্ত কণিকা....!
কেনেকৈ যুঁজি যাম মই এই জীৱন যুঁজত
অকলশৰীয়া সাৰদী হৈ...!
নালাগে আৰু তোমাৰ মৰমক
অভিমান নহয় এইয়া...,।
তুমি যিহেতু মোক এই নৰসংসাৰত ভুক্তভূগী কৰি এৰি দিলা...!
তোমাৰ আত্মাই যেন চিৰশান্তি লভে
তাৰেই কামনাৰে মোৰ এই দুর্ভগীয়া হৃদয়...!

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…