তোমাৰ সহাৰি

তোমাৰ সহাৰি
""""""""""'"""""""
""
""
এই যে তুমি লিখা
এবুকু দুখৰ কথাৰে
অনুভৱৰ কথাবোৰ …
মোৰ ভাল লাগে জানা
এনে লাগে যেন মই
তোমাৰ প্ৰেমত পৰিছো …
তোমাক সুধিব মন যায়
তোমাৰ বুকুৰ কৰুণ বেঠাবোৰৰ কথা …
সুধিব মন যায় ভাঙি যোৱা সপোনবোৰৰ কথা …
কিজানি মই পূৰণ কৰিব পাৰো
সেই অতীতৰ হেৰাই যোৱা সপোনবোৰ …
কিজানি ঘূৰাই দিব পাৰো
সেই যে দুখৰ ধূলিয়ে উৰাই নিয়া মৰমবোৰ …
কব মন যায় তোমাক
পাহৰি যোৱা সেই সময়বোৰ …
চোৱা তোমাৰ দুচকুৰ আগত ৰৈ আছে
ৰঙীন সপোন
মাথো অপেক্ষা তোমাৰ সহাৰি ……
""
""
_____ সপোন নিবিড় জোনাক

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…