ঋণভ ক্ষণবোৰ

@ *ঋণভ ক্ষণবোৰ* @
      

            ✍ *স্বপ্ননীল শইকীয়া*

সাগৰত কৈ চাগে বেছি মোৰ চকুলো আছিল......
যি এদিন বৈ গৈছিল....
নিৰাকাৰ হৈ
জীপাল হৈ পৰিছিল শুকান ভূমি....
আজি চকু মোৰ শুকান
সেই কাৰণে কোনেও দুখ দিব নোৱাৰে.....

বুকুখন ওখ হৈ পৰিছিল
যেতিয়া তোমাৰ মৰমত
আশা বোৰ বাঢ়িছিল.....
সেই বুকুত কলিজা আছিল তোমাৰ নাম লিখা।
আজি মোৰ বুকু খনে মোৰ কলিজা তোকে স্বীকাৰ নকৰা হৈ পৰিল।
কাৰণ জীৱন বাটত আগলৈ যোৱাত বাধা দি থাকে সদায়....

টুকুৰা হৈ পৰি যোৱা সপোনৰ ভগ্নাৱশেষ বোৰ বাৰু কোনে বিচাৰে....?
সেইয়া মোৰ কাষতে থাকে কাৰণ মোৰ ভালপোৱাৰ প্ৰমাণ সেই বোৰেই।
  তথাপিও কওঁ.....

উৰি যোৱা বেজাৰ
      হৃদয়ৰ ৰাগিনী তাৰ
         বৰষী সিও গুচি গ'ল.......
তোমাৰ সৈতে কটোৱা
      ঋণভ ক্ষণ বোৰ আজি
           মোৰ জীৱনৰ মাথোঁ
                     স্মৃতি হৈয়ে ৰ'ল.....

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন