পদূলী মূখৰ শেৱালী জোপাই আজি তোমাৰ কথা কই
পদূলী মূখৰ শেৱালী জোপাই আজি তোমাৰ কথা কই
পদুলী মূখৰ শেৱালী জোপাই আজি তোমাৰ কথা কই
জানানে তুমি মোৰ মন ৰাগিনী
শেৱালী জোপাই অভিমান কৰে ঔ
তোমাৰ কথা সুধে বাৰে বাৰে
কি দৰে আজি মই ভাঙো শেৱালী জোপাৰ সেই অবুজ অভিমান
আহাচোন এবাৰ তুমি
মোৰ মন ৰাগিনী
এবাৰ আহা
বহাগ ও দেখোন পালেহি
গছৰ ডালত কপৌ ফুলিব হল
ৰাতি দূভাগ পৰত কেতেকী চৰাই জনী হিয়া ভঙা বিননী শুনিবলৈ আৰুনো কিমান বাকী
অভিমান সামৰি তুমিও আহা
মোৰ বুকুৰ মৰমবোৰ সাৱতি লোৱাহি
আহা মোৰ মন ৰাগিনী আহা ! !
""
""
সপোন নিবিড় জোনাক
Comments
Post a Comment