স্মৃতিৰ চকুলোঃ
✍স্মৃতিৰ চকুলোঃ
🖊ধনটি শইকীয়া
দুখৰ চকুলো
মচিব নোৱাৰো
নোৱাৰো মচিব তাৰ স্মৃতি,
সেই স্মৃতিয়ে আকোল
কৰে
হৃদয় ত বৈ যাই
চকুলোৰ নদী।
কোনেনো বুজিব
মনত লৈ থকা
দুখৰ বোজাবোৰ
নিজানত থাকিলে
সেই দুখ বুকুত খুন্দিয়াই
খলকনি তোলে খেলে
চকুলোৰ ফাকু।
জীৱনত ঘটি যোৱা
ঘটনাবোৰ মাথো চিহ্নিত স্মৃতিৰ পাতত
সেইবোৰ যদি ফঁহিয়াই চাওঁ বৈ যাই স্মৃতিৰ লোতক।
ভৱা নাছিলো বুকু সুদা কৰি গুচি যাবা আমাক এৰি ,তোমাৰ প্ৰেৰনাত
জ্বলিছিল ক'ত
মহিৰ্ষীৰ আশাৰ চাকি।
সেই চাকিটেই জ্বলে মাথো জ্ঞানৰ বন্তি শিখা
জ্ঞান মাথো উদ্দেশ্য ভিত্তিক
ক'ত মহিৰ্ষী ৰ জীৱন গাথা।
হেৰাই যোৱা ক্ষন বোৰ নাপাও যে আকৌ ঘুৰাই
সেই স্মৃতি বুকুত বান্ধি যাওঁ আমি আগুৱাই
মাথো স্মৃতিৰ চকুলো তিয়াই।
Comments
Post a Comment