ফুলৰ পাপৰি
ফুলৰ পাপৰি
"""""""""""""
"
"
আহিবা মোৰ মৃত্যুৰ দিনা
মোৰ সমাধিৰ কাষলৈ
সিঁচি দিবা কিছু ফুলৰ পাপৰি । ।
ডাঙৰ হ'ব এদিন দুদিন কৰি
আৰু এদিন ফুলৰ কলি হৈ ওলাব
সেই কলি আকৌ ফুল হৈ ফুলিব । ।
লৈ যাবা তুমি তাৰে এপাহি ফুল
সজাই লবা তোমাৰ শোৱনি কোঠাৰ কোনোবা এটি কোণত । ।
"
"
__________ সপোন নিবিড় জোনাক
Comments
Post a Comment