অনুভৱ
অনুভৱ (৪)
"""""""""""""""""""
"
"
কি যে অশান্তি কৰি থাকে এই মানুহজনে …
মই সুধিলো কোনে ?
তেওঁ কলে মোৰ দেউতা হয় …
ঘৰত থাকিব নোৱাৰা হৈছো
সৰু লৰা দৰে আমনি কৰি থাকে
সোনকালে গাওঁৰ ঘৰত থৈ আহিম
এনেকৈ নোৱাৰি আৰু সহিব ……
""
""
সময়ে সলনি কৰে মানুহৰ মন
সলনি কৰে ঠিকনা ……
কিন্ত নিজৰ মা দেউতাক লৈ
কিয় সলনি হয় এই মন ?
কিয় সেই মা দেউতা
তেওঁলোকৰ বৃদ্ধ কালত
নিজৰ সন্তানৰ ওচৰত বুজা হৈ পৰে ?
""
""
আমি পাহৰি যাওঁ যে
আমাৰ বাবে তেওঁলোকে ত্যাগ কৰে
তেওঁলোকৰ বহুতো আশা বহুতো সপোন …
আৰু আমি পাহৰি যাওঁ যে
সেই দেউতাৰ হাতত ধৰি
এদিন খোজ দিব শিকিছিলো জীৱন পথত ……
নিজৰ সুখৰ কথা পাহৰি
সন্তাৰৰ সুখৰ কথা চিন্তা কৰা দেউতা
আজি বৃদ্ধ হোৱা বাবে
আমাৰ বাবে বুজা হৈ পৰিল ……
""
""
কিয় এনে হল মন কিয় ?
কাৰণ আমি ডাঙৰ মানুহ হলো
এই অফিচৰ কাম
এই পাৰ্টি
এই অন্য কিবা …
সেই বাবে আমাৰ সময় নাই আজি
বৃদ্ধ হৈ অহা দেউতাৰ চাবলৈ
সময় নাই তেওঁ সুখ দুখৰ এটি খবৰ লবলৈ ……
দেউতাই মুখৰ কথাবোৰ এতিয়া কি
কোনো মূল্য নাই ?
ঔ তেওঁ এতিয়া বৃদ্ধ নহয় জানো ?
সেই বাবে তেওঁ আজি বুজা আমাৰ বাবে ?
""
""
_____ সপোন নিবিড় জোনাক
Comments
Post a Comment