তোমালৈ মোৰ শেষ চিঠি

✍� তোমালৈ মোৰ শেষ চিঠি ✍�
              ✍�
আজি তোমালৈ মোৰ জীৱনৰ শেষ চিঠি …
যদি আহৰি পোৱা চাবাচোন পঢ়ি …
মোৰ কলিজাৰ তেজকে চিঁয়াহী কৰি লিখিছো
তোমালৈ মোৰ বুকুৰ কথাবোৰ …
তোমাক পাবলৈ কি দিব লাগিব মই ?
দিব লাগিবনি তোমাক
মোৰ কলিজাৰ এফাল কাটি ?
নে তোমাক সপি দিব লাগিব
মোৰ গাভৰু যৌৱন ?
সঁচা মৰম ভালপোৱা তেনে হয়জানো ?
ভালপোৱাৰ নামত যে দিব লাগিব গাভৰু যৌৱন …
যদি এইয়া ভালপোৱা হয়
তেনেহলে দুটি আত্মাৰ মিলন কি …
নে যৌৱন সপি দিব পাৰিলে প্ৰেম স্বৰ্গীয় …
নুবুজিলো মই তোমাৰ কাষত ভালপোৱাৰ অৰ্থ …
কামনাৰ এটি ক্ষণ ভালপোৱানে …
সঁচা অন্তৰৰ দুটি আত্মাৰ মিলন ভালপোৱা … ?
""
"'
_____ চুম দত্ত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…