অনুভৱ
অনুভৱ (২)
"""""""""""""
"
"
মোৰ বুকুৰ কিছু সুখ
কিছু দুখ আৰু অভিমান
বন্দি কৰি ৰাখিছো
হৃদয়ৰ এখিলা উকা কাগজত । ।
বন্দি কৰি ৰাখিছো
দুখত নদী হৈ বাগৰা
দুচকুৰ চকুলোবোৰক । ।
তুমি আহিবা এদিন
খুলি দিম হৃদয়ৰ বন্ধ দুৱাৰ
মুকলি কৰি দিম সকলোবোৰ তোমাৰ হাতত । ।
তুমিও মুকলি কৰি দিবা
মোৰ সকলোবোৰ
মোৰ আশা
মোৰ দুচকুৰ সপোন
আৰু মোৰ হৃদয়ৰ সঁচা ভালপোৱাবোৰ । ।
কোনে দিলে তোমাক এই অধিকাৰ ?
মিছা মৰমে মোক মোৰ পৰা বন্দি কৰি ৰখাৰ ।
কোনে দিলে অধিকাৰ । ।
"
"
__________ সপোন নিবিড় জোনাক
Comments
Post a Comment