ৱাটচ্ এপ্ ৱাল পেপাৰত তুমি
ৱাটচ্ এপ্ ৱাল পেপাৰত তুমি
.......................................
ভাহি আহে অজস্ৰ বাৰ্তা
শব্দৰ ফাঁকেৰে দেখো নেদেখোকৈ তোমাৰ
মৰম লগা ছবি
দুটি ওঠত মৃদু হাঁহি
ভদ্ৰতা আন্তৰিকতাৰে
পৰিপূৰ্ণ ব্যক্তিত্ব
যত মোৰ অজস্ৰ মৰম ভালপোৱা বোৰ ন্যশ্বাৱৰ
যুগ যুগান্তৰ
তোমাক দেখিলেই
মন হয় যোগাত্মক
ক'লা ডাৱৰ নাশী
শুকুলা হয় মনাকাশ
বৰ্ণৰ আঁৰে আঁৰে
দুচকুই বিচাৰে এপলক দৃষ্টি
পলকতে দৃশ্যমান হৈ
পলকতে হেৰাই যোৱা
বৰ্ণৰ আঁৰত.......
📝নৱজিৎ
Comments
Post a Comment