মাজ নিশা

মাজ নিশা
          ✍ৰাহুল দাস
তুমি সাৰে আছা.....
    মাজ নিশা মোৰ
      টোপোনিবোৰ
         সৰিছিল শীৰ্ণ
           শেতেলীত।

আকাশখন উবুৰিখাই
পৰিছিল তোমাৰ বুকুত।
    জোনাক বোৰে
      চকুলোঁ টুকিছিল।

মোৰ প্ৰেমৰ কুঠৰিত
   ডায়েৰীৰ
    পাতবোৰে উচুপিছিল।

তোমাৰ বিশ্বাসহীনতাৰ   পৰশত।
  নিশাবোৰ সাৰে
    আছিল,উজাগৰী
     বিষাদ-গাঁথাৰ বুকুত।

এতিয়াও তুমি
     সাৰে আছা
       মোৰ প্ৰতিটো
          উশাহ-নিশাহৰ
            শব্দত,।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…