বিষাদ

✍বিষাদ

           ধনটি শইকীয়া

তুমি  কাষত নাথাকিলে
   নামি আহে এজাক
বিষাদৰ বৰষুন।
সেই বিষাদৰ
       গুঞ্জৰিত স্বৰে
হৃদয়ৰ মোহনাত
    খলকনি তোলে।

তুমি কিহৰ
    প্ৰতিশ্ৰুতি ৰাখিলা
উত্তৰ দি কথা
     ৰাখিব নাজানা,
আজি মই দুৰ্ভগীয়া
  তুমি যে কাষত
    নাইকীয়া।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন