আমাৰ ধুনো
আমাৰ ধুনো
ৰাতিপুৱা ধুনোৱে পঢ়া-শুনা বাদ দি
গ’ল মাকৰ ওচৰলৈ,,,,ক’লে
সি হেনো নাযায় স্কুললৈ।
‘কিয় নাযাৱ’ বুলি মাকে সোধাত ক’লে বোলে আমাৰ ছাৰে একোকে নাজানে। সকলোবোৰ প্ৰশ্নৰ উত্তৰ
কেৱল মোকহে সোধে
নোৱাৰিলেও আকৌ তেওঁ
মোকহে মাৰে ।
ছাৰে চাগৈ চকুৰে একো নেদেখে
নহ’লেনো বাৰু মোক
কিয় গৰু বুলি মাতে নে??
পৰহিদিনা ছাৰে ক’লে
সাতে আঠে বোলে পোন্ধৰ ;
কালি আকৌ কৈছে নয়ে ছয়ে পোন্ধৰ। সেইকাৰণে মই আৰু নাযাওঁ স্কুললৈ ,
স্কুলৰ ছাৰ-বাইদেউ সকলক
মোৰ ভাল নালাগে।
তাৰ সলনি যাম বৰশী বাবলৈ তেতিয়াতো অন্ত:ত পাম মাছ খাবলৈ।। ধুনোৰ কথা শুনি
মাকৰ মূৰত কামোৰণি ধৰিলে
তাকে দেখি ধুনোৱে তাৰপৰা
পলাই পত্ৰং দিলে ।।
হিতাংগ
Comments
Post a Comment