ণানবীয়তাঃ
মানবীয়তাঃ
✍নৱজিৎ
সুন্দৰতাৰ আভোৱা মাৰি
ক'তনো এৰিলা আনি
এই পৃথিৱীত আনি থ'লাহি
দেখুৱাই,,দিশৰ চাকি।
সেই জ্যোতিতেই জিলমিল কৰে ক'ত জোনাকীৰ ৰং
সেই ৰঙতেই ৰঙালী মন,
দেখি সৃষ্টিৰ পন।
আইৰ মুখতে ৰঙ বিৰিঙে শিকালে সৃষ্টিৰ ভাষা, সেই ভাষাটেই মনৰ কথা কওঁ বুজো অন্তৰৰ ভাষা।
ভাবৰ মাজতেই বিভোষিত আজি
ক'ত যান্ত্ৰনাৰ ঢাল তাৰেই প্ৰেৰনাত মনটি জীপাল পাতি মায়াৰে জাল।
মায়াৰ সাগৰত উটি ভাঁহি ফুৰো দেখি মৰমৰ ঠাল ,সেই মৰমে কলিজা ভাঙিলে, পুতিলে মৰমৰ খাল।
মৰমে আনিলে বিভেদৰ সুৰ নুবুজি জীৱন গাথা।
মৰমতে দেখোন তৰ্ক কৰি বৈ যায়
ৰক্তৰ কনিকা।
তেজৰ ফাঁকো নেখেলিবি ঐ বৈ যাৱ তেজৰ নৈ
যদিহে হয় এনে ঘটনা
কেনেকৈ থাকিমনো মানুহ হৈ।
মানুহে যদি নুবুজে, মানুহৰ মুল ,
কোনে বুজিব কোৱা।
মানবীয়তাৰ বীজ সিচি দিয়া মাথো মৰমে আকোৱালি লোৱা।
একেখন পথাৰ একেখন নৈ মাথো বৈ যাই মৰাঁসুতি হৈ ।মানুহে যদি বিভেদ আনে,
নাথাকিব মানুহৰ পৰিছয় ৰৈ।
Comments
Post a Comment