ণিছা অনুভূতি
****মিছা অনুভূতি ****
✍নৱজিৎ
তোমাক দেখি মোৰ
হৃদয়তএনে ভাৱ জাগি
উঠিছিল। তুমিয়ে যেন
মোৰ মন সৰগৰ পৰি!
প্ৰেমৰ আকাশি গঙ্গাহৈ
নামি আহিছিলা মোৰ
হিয়াৰ মাজলৈ,!
তোমাক নজনাকৈয়ে
মই ভাল পাই পেলাই
ছিলো বহোত গভীৰ ভাবে!
তোমাৰ মিঠা চাৱনীত
মই বুজিছিলো।
তুমিও ছাগে মোকভাল
পাই পেলালা অজানিতে!
মনৰ কথা নোকোৱা
কৈয়ে তোমাক সজাই
পেলালো
মোৰ মন মন্দিৰত!
মোৰ জীৱন লগৰী বুলি!
সীমাহীন ভাৱনাৰ
উল্লাসিত আবেগত
পৰি মই কল্পনাই
কৰা নাছিলো।
যে তুমি মোৰ এটা
অবাস্তৱ সপোনহে
আছিলা মাথো!
ভৱাইনাছিলো তুমি
অজানিতে আনৰহৈ
যাবা বুলি,!
আজি মইসঁচাকৈয়ে
অনুতপ্ত, তোমাক ভাল
পোৱাৰ কথা কোৱাই নহ'ল,!
সময়ৰ প্ৰৱাল সোঁতে আহি।
আজি আতৰাই নিলেহি
তোমাক,বহু দূৰনিলৈ!
অন্তিম পৰাতহে বুজিলো।
তোমাৰ বাবে সেইয়া।
আছিল,মোৰ
এক"মিছা অনুভৱ"!
মোৰ প্ৰেমৰ প্ৰতিমা
সপোনৰ প্ৰতি পলে পলে।
সাঁতুৰঙীন ৰাম ধেনুৰবচা
বচা ৰংৰ তুলিকাৰে।
মোৰ হিয়াত আঁকিছিলো,
তোমাৰ আলফুলিয়া ছবিখনি।
মোৰ মন পদুলিয়েদি,
তুমি সদায়ে পাৰ হৈ গৈছিলা,।
মেঘালী চুলি উৰুৱাই,
সময়ৰ কোবাল সোতত।
তুমি এদিন আতৰি গলাগৈ,
মোৰ জীৱনৰ পৰা।
মই ৰৈয় থাকিলোঁ
তুমি এৰি যোৱা সেই
নদীৰ ঘাটত।
থাকি গলো মই মাঁথো,
এটি দুখৰ পাত্ৰ হৈ।
মোৰ শুকান হৃদয়ত
থাকি গ'লা তুমি।
মোৰ প্ৰেমৰ প্ৰতিমা
এটা সুমধুৰ সপোন হৈ।
Comments
Post a Comment