ফাগুন

🌿ফাগুন 🌿
             ৰাহুল দাস
উদং বুকুৰ ফলকত
  পুণৰ আকিছো
    সাতোৰঙী ৰামধেনু।
      ছিটিকি পৰা ৰঙৰ
       ফাকুগুৰিৰ প্ৰলেপ যদি
         অপেক্ষা মাথোঁ     ফাগুণৰ।

মতলীয়া বতাহ
  জাকৰ ৰুপোৱালী
    পোহৰ বিলোৱা।
      হিয়াক প্ৰতাৰণা নকৰা
         মোহময়ী জোনাক।

নিলাজ ফাগুনৰ
  লাজ তোমাৰ দুচকুত।
    ফাগুনৰ নিলাজী
      স্পর্শত শিহঁৰিত শিমলু।

শিমলুৰ তেজৰঙা 
হেঁপাহ খিনি সিচি দিম
   তোমাৰ সেই কাজল
     সনা দুচকুত।

নহ'লে ধূলিয়ৰী বতাহ
   জাকে অভিমানতে,
       নীলা আকাশ খন
          ধূসৰ কৰি পেলাব।

নহ'লে কিয় তুমি
    বৰষুনৰ এজাক
       টোপাল হৈ নামি নাহা।
         তোমাৰবা অভিমান
           আকৌ কাৰ ওপৰত।

তোমাৰ অভিমান
   ভাঙিবলৈ আমি
      গছৰ পাত হৈ।
        প্রেমেভিজা বসন্তক
          আঁদৰণি জনাম....।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…