বনৰীয়া ফুলৰ সুগন্ধি

বনৰীয়া ফুলৰ সুগন্ধি ..🌸
****************************

এজাক শ্যামলী বতাহ
আৰু এটি বনৰীয়া ফুল...

  ফুলটিৰ পৰা অহা গাভৰুপৰীয়া সুগন্ধিত উন্মাদ হৈ পৰিছিল চঞ্চল দেৱতা সকলৰ যৌৱন

ফুলটি ধুনীয়া আছিল ,
ধুনীয়া বাবেই হয়টো ঘুনীয়া মামৰ লাস্যময়ী ওঁঠ যেন এপাহিৰ দাঁতিত

যেতিয়া পুৱা  ন বজাৰ সূৰ্যমূখীয়ে ঘণ্টা বজাইছিল
ফুলপাহঁ ফুলি উঠিছিল
পিতল ৰঙীন হাঁহিৰে

কি নষ্টালজিক সেই মুহূর্তত
কেঁচাপাতৰ প্ৰেমত অন্ধ বনৰীয়া আই
  প্ৰেমিকৰ  শ্ৰেষ্ঠ ফুল
বিধাতাৰ বুকুখন বগাই ....

  উৰ্ব্বশীৰ দৰেই আছিল  খামুচিয়া  বৃতিৰ  হালিজালী নাচোন

আৰু
ধুমকেতুৰ নেজাল শিহৰণ
ফুলি উঠা ফুলটিৰ কপালত

বৰ মনত পৰিছে মোৰো আজি
বুকুৰ ফুলনিত ৰুইছিলোঁ এদিন
চিলনীৰ জীয়েক বুলি ৰ লাগি চাইছিলো সদাগৰ হৈ

এইচ বি পেঞ্চিলৰ হাজাৰ প্ৰলেপ
আঁকিব নোৱাৰিলোঁ প্ৰথম ভাল লগা ফুলটিৰ সুবাস

কি হৈছে ...
ফুল দেখিলেই যে মনত পৰে ...
আহে শব্দৰ আকাশীলতা
কি বুলি চিঞৰিলে
পদুলিত শেৱালিৰ দৰে  ফুলিবা....!!

✍অনুপ অসমীয়া
    ( ২৭  জানুৱাৰী  )

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…