মোৰ হৃদয়ত তুমি নামৰ বৰষুণছজাক

""মোৰ হৃদয়ত তুমি নামৰ বৰষুণজাক""

✍কাব্যশ্ৰী(ৰিয়া)

হৃদয়ৰ মাজত বিষাদৰ বৰষুণজাকে বৰ আমনি কৰিছে অ',,,, কল্পনাও কৰা নাছিলো এই দুপৰবেলা এনে এজাক বৰষুণৰ কথা।  যিজাক বৰষুণৰ কাৰণ কেৱল তুমি, এবাৰ বাৰু চাইচানে ভাৱি…!!! তুমি নামৰ সেই কলীয়া ডাৱৰ ছাতি কিয় বাৰু আহিছিল নামি…মোৰ জীৱনলে বুলি!! কাঁজলসনা মোৰ চকুজুৰিৰ ভেটা ভাঙি দুগাল উপচাই দিয়ে দুচকুৰ লোতকেৰে…। আস!আজিচোন জোনাকৰ বুকুত তৰাটিও নাই, এই গভীৰ নিশা ছাঁটিও এৰি থৈ আহিলো তোমাৰ এৰি যোৱা সেই ঠাইখিনিতে।
          তুমিবিহীন জীৱনত আজি মই শূণ্য হৈ পৰিলো জানা। ভৰিৰ তলৰ মাটিখিনিও যেন নাইকিয়া হৈ গৈছে। আকাশখনো  খহিব ধৰিছে মুৰৰ ওপৰতে।
তোমাৰ শূণ্যতাত হেৰুৱাই পেলালো মোৰ মানৱী সত্বা, মৰি মৰিও জীয়াই আছো কেৱল তোমাৰ সতে কটোৱা মধুৰ স্মৃতিবোৰ সাৱতি; মনত এটাই মাথো কামনা এই বিষাদৰ বৰষুণজাক নেওচি তুমি আহি ক'বাহি "দুখ নকৰিবা মোৰ প্ৰিয়তমা, এইয়া চোৱা মই উভতি আহিলো তোমাৰ কাষলৈ ;; তুমি বিচৰা যোগ্য পুৰুষজন হৈ ।।""

📝নৱজিৎ

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…