অতীত মাথোঁ এটি নাম
⚡অতীত মাথোঁ এটি নাম ⚡
✍ ৰাহুল দাস
তুমি সাগৰ আকাশ নে
কজলা মেঘশুধা নাই
শুধা নাই প্ৰিয়া তোমাক।
তুমি কোন হ'ব পাৰা
ভাবোহে মাথোঁ নিদ্ৰাহীন নিশাত।
এদিন তুমি আপোন
আছিলা এবেলাৰ
দুখৰ বৰষুণত তিতি
মই উশা হেৰুৱাব
খোজা সময়ৰ,।
এদিন তুমি এটা সপোন
আছিলা এনিশাৰ।
তোমাৰ স'তে
গাইছিলো
দুখ আঁতৰোৱাৰ
জয় গান ।
আজিতো নহয় মোৰ
আপোন সময়ৰ।
তুমি সুগন্ধি সুবাসৰ
সুৰ সন্ধিয়া !
তথাপি তুমিমোক
ভালপাওঁ বুলি ক'লে
মোৰ পৃথিৱীত আশাৰ
ফুল ফুলে।
নদীত সেউজীয়া সপোনে
সাতুঁৰি সময়ে সাজে
সু-ভৱিষ্যতৰ সপোন।
এতিয়া তুমি তোমাৰ পৃথিৱীত
মই হেৰুৱালো তোৰ আকাশ !
সেয়ে প্ৰিয়া তুমি আকাশৰ
তৰা হৈয়ে নাথাকি এতিয়া
পূৰ্ণিমাৰ জোন হোৱা।
পুনৰ দিনৰ বেলি
ক্ৰমান্ধয়ে এনেকৈয়ে
গতি কৰা তুমি
মোৰ চকুলোৰ
সাগৰকো নেউচি ।।
Comments
Post a Comment