নস্ট প্ৰেম

নস্ট প্ৰেম """"
টোপাটোপকৈ সৰিছিল তেজবোৰ
প্ৰেমৰ প্ৰাৰম্ভনিত যিদিনা…!
উকা কাগজৰ এপিঠিত
লিখিছিলো সোঁ হাতৰ তৰ্জনী
অাঙুলি
কাটি
প্ৰেমৰ সেই তিনিটি নিষিদ্ধ শব্দ।
"মই তোমাক ভালপাওঁ "
এনে লাগিছিল
যেন দুহাত মেলিলেই
ঢুকি পাম অাকাশ।
ভৱা নাছিলো ।
মোৰ প্ৰস্তাবক সহাঁৰি জনাই
তুমিও দি দিবা হৃদয়
সিদিনাৰ বাবে যেন
মই পৃথিবীৰ ৰজা।
মন গলেই অানি দিম তোমাক
তুমি বিচৰা সকলো বোৰ
সৌ কজলা অাকাশৰ জিলিকা
তৰাবোৰ।
তুমি দুহাত মেলিলেই
ঢুকি পাব পৰাকৈ
সপোন ৰচিছিলো এটি জখলা সজাঁৰ……
তুমিহে সাঁজি ললা গোপনে।
অান এখন হৃদয়ত।
এটি প্ৰত্যাশিত সপোন।
তোমাৰ সপোন বোৰ চাগে বাস্তৱ
কৰাৰ
সাম্যৰ্থ মোৰ নাছিল।
কিয় নাজানো ? সংগোপনে অাতৰি
গলা।
মোৰ তেজ লগা চিঠিখন
তোমাৰ বাবে চাগে চিঠি নাছিল।
অাছিল………
এটি নস্ট প্ৰেমৰ কবিতা।
মোৰ কলিজাৰ পৰা
অাজিও নিগৰি অাছে তেজবোৰ
চপৰা চপৰে খহি গৈঅাছে
কলিজাত খপনি পোতা
দুখবোৰ………।। ধন্যবাদ।
শেষত সকলোকে জনাও যে
ফটোত থকা সেই হাত খন মোৰ নহয় দে
বন্ধু-বান্ধবী সকল কোনেও যাতে মোৰ বুলি ধৰিনলয়।

✍পাপন বলিয়া মই🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…