সপোনটো

সপোনটো
ৰঙীণ আছিল।
সপোনটোৰ পিচে পিচে
দৌৰি দৌৰি
ভাগৰি পৰা নাছিলো।
কাৰণ ,
সপোনটো চিৰ নতুন আছিল।
সপোনটোৱে
মোক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল।
সপোনটোৱে
মোক দুখৰ পৰ্বতখন বগাবলৈও দিছিল শকতি।
সপোনটোৰ
পিচে পিচে দৌৰা
মোৰ অভ্যাসত পৰিণত হৈছিল।
সপোন দেখিবলৈয়ে যেন মোৰ জন্ম!
সেয়ে,
সপোনটোৰ পিচ এৰা নাছিলো।
সপোনটোৰ পিচত দৌৰিবলৈ
আকৰ্ষণ বঢ়োৱাৰ বাবে
তাত কল্পনাৰ আবিৰ ঢালিছিলো;
সেয়ে সি হৈ পৰিছিল
অধিক ৰঙীন।
আকৌ
সপোনটোৱেও নিতৌ
নতুন বেশেৰে
নতুন ৰঙেৰে
আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল।
কেতিয়াবা সি উতলা ফাগুন;
কেতিয়াবা বসন্ত ৰঙীণ।
কেতিয়াবা সি হহুৱায়;
আৰু
কেতিয়াবা সি কন্দুৱায়।
সপোন,এক মায়াবী সপোন!
সপোন দেখিব নজনা সকলে
মোক ঈৰ্ষা কৰিছিল।
সিহতে
মোক 'ইউটোপিয়ান'বুলি বিদ্ৰূপ কৰিছিল।
মই পিচে
সপোনটোৰ লগ এৰা নাছিলো।
সপোনটোৱে
মোক ব্যস্ততা দিছিল।
সপোনটোৱে
মোৰ ভাগৰ নাশিছিল।
সপোনটোৱে
মোক চিৰ যৌৱন দিছিল।
আৰু দিছিল কত আশা!
আশা নিৰাশাৰ আলি দোমোজাত থাকিও
মই যেতিয়া সপোনটোক চুই চাইছিলো
তেতিয়া
সপোনটোৰ পিচত এজাক মানুহ।
এটা দীঘল মিছিল।
দেখিছিলো
মোক উপহাস কৰা সৱেও
সপোনটোৰ পিচত দৌৰিছে।
সপোনটো
হেনো বাস্তৱ নাছিল।
সেয়ে হেনো
ইয়াৰ পিচত মানুহৰ ভিৰ?
তথাপি দেখিছিলো
সপোনটোৱে সকলোকে দৌৰাইছিল।
এই দৌৰ যেন শাশ্বত,
অপৰিহাৰ্য।
'ময়েই সপোনটোৰ একমাত্ৰ অনুগামী নহয়'
এই ভাৱনাই সপোনটোক
আৰু ৰঙীণ কৰি তুলিছিল।
সপোনটো দেখাৰ বাবে
মই দৌৰিবলৈ শিকিছিলো।
আৰু হয়তো অনেকজনে…………
এৰা ,
দৌৰিবলৈ সকলোকে লাগে
এটি সপোন ।
ৰঙীণ সপোন।

✍পাপন বলিয়া মই🎤

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন