অনুভৱৰ কোঠা
👉অনুভৱৰ কোঠা👉
👉ৰাহুল দাস
তুমি হীনতাৰে মোৰ সমাধি।
সেইদিনা তুমি পাটৰ
সাঁজ যোৰ পিন্ধি ,
ৰভাৰ তলত যেতিয়া
আছিলা উমলি।
পুনৰ মই আছিলো নদীৰ
ঘাটত বহি অতীতক সোঁৱৰি।
তোমাৰ শিৰত জিলিকি
আছিলৰঙা সেন্দুৰ।
মোৰ দুচকুত জিলিকিছিল
শেতা পৰা সূৰুযৰ কিৰণ ।
নিগৰিছিল মৌনতাৰ
উত্তপ্ত অশ্ৰু.....দহিছিল ।
বিষাদেৰে উন্মাদ হৃদয় মোৰ ।
তথাপিও স্বাৰ্থপৰ নহওঁ।
মোৰ অভাৱি জীৱনে
মোৰবাধা হৈ থিয় দিলে।
হৃদয়ৰ মুকুতা-মনিক
কোনোবাই কাঢ়ি নিলে ।
তুমিও বিচাৰিলাঐশ্বৰ্য্য
বিভূতি হৃদয়ৰ।
ভালপোৱা ভৰিৰে গছকি
গুছি গলা সুখ বিচাৰি ।
আজিওঁ মইআছো জিয়াই
স্মৃতিবোৰ সাৱটি লৈ।
তুমি হীনতাৰে আজি
শ্মশানৰ যাত্ৰী হৈ নিজেই
সাঁজিছো নিজৰ সমাধি ।
Comments
Post a Comment