নীলা ফটোৰ কথাৰে তুমি .....
..✍
=========================
নীলা ফটোৰ কথাৰে তুমি .....
..................................................
ৱাহ বিউটি...
সৌন্দৰ্য্যৰ গৰাকী
লিখিম কবিতা
আলোকচিত্ৰত তোমাক বিচাৰি
এখন নীলা সপোনৰ চাদৰৰ দৰে .....
যেন সূৰ্য্যৰ আলিংগনত এপাহি খৰিকাজাইৰ নীলা আঁচল
কবি সকলোঁ আকৌ প্ৰেমিক হৈ পৰিব
ফুলপাহঁৰ সেউজীয়া হাঁহিত
আৰু নীলা চাৱনিত
এগৰাকী নাৰীৰ সৌন্দৰ্যক প্ৰশংসা .... প্ৰশংসা ... ইত্যাদি লিখিম
এৰ পৰা জেদলৈ অনুভৱ আহিব
খামুচিয়া ..... গাভৰুৰ চিনাকি এতিয়াও আছে তোমাৰ তাত
চোৱাচোন তোমাৰ ধুনীয়া বোৰত ৰ'দে জিৰণি লৈছে
লাজ লাজ কৰি
তোমাৰ ধুনীয়া চাৱনিৰ আঘাটত কবিয়ে ৰেলৰ উকি পাহৰিলে
পহৰা দি আছে এটা কলদিলীয়া তিলে
সোঁ হাততৰ নিৰ্মল ভূমিত
চুলি খিনি নৈ হৈ পৰিছে
সন্মুখৰ দুটা জীয়া শৰ পাৰেদি
হাতৰ খাৰু দেখোন কলিজাৰ বিৰিণা
চিকুটি দিয়া গালত যৌৱনৰ দুপাট্টা
ৱাহ ৠষিৰ আৰাধনা ভংগ হ'ব এতিয়া
নিয়ম ভংগ কৰাৰ অপৰাধত......
" তেওঁৰ গাত হয়টো প্ৰেমৰ বিছা লাগি গৈছিল "
আৰু নীলাৰ কথালৈ আহোঁ
নীলাই পুনৰ তোমাক এখন ৰাজ্য কৰি পেলাইছে
সুখৰ ড্ৰইং পেপাৰত আকা
যেন প্ৰেম প্ৰেম লগা পেঞ্চিল আৰ্ট
অনুভৱ হয়
ভগৱানে তোমাক তৈয়াৰ কৰাৰ পাছত চাগে লজ্জিত হৈছিল
" ইমান ধুনীয়া নীলা.....
মই বনোৱা
চুই চাবওঁ নোৱাৰোঁ
গলি যায় বুলি "
..... চেলুত ভগৱান !
এটা কথা কিন্তু ......
যদি তোমাৰ এখন ফটো পিছ পিছ কৰি কাটি দিওঁ
সকলো খিনি আকৌ ফটো হৈ পৰিব ....... ৱাহ
মহাদেৱ চান্দ যীশু !!
ক্ষমা কৰিবা
কথাবোৰে বামৰ পৰা দ খাৱৈলেকে বাগৰি গ'ল
তোমাক দেখি ...!!!!
নীলা ৰং লৈয়ে তুমি সুখৰ সমুদ্রত বিলীন হৈ পৰিছা...!!
........✍লিখিলোঁ কবিতা
প্ৰেমৰ কবিতা !!
তোমাৰ বাবে
এই গাভৰুপৰীয়াৰ ক্ষুদ্ৰ প্ৰয়াস !!
===========================✎
৩০ জানুৱাৰী
তেজপুৰ
Comments
Post a Comment