কিদৰে আদৰো তোমাক
কিদৰে আদৰো তোমাক
-----------
-বিকাশ গগৈ-
কিদৰে আদৰো তোমাক
মোৰ উৰুখা পজাত...
তুমিতো জানাই...
ছিণ্ণ বিছিণ্ণ্ হৈ ৰোৱা
মোৰ অপূৰ্ণ স্বপ্নবোৰে...
আজিও কান্দে ...
আউসীৰ নিশাত...।
তুমি ছাগে নাজানা..!
অপ্ৰাপ্তিৰ হুমুনিয়াহত
আজিও বয়
কলং-কপিলী
হুৱাংহো,মিচিচিপি....
তোমাৰ আহ্বান
প্ৰসাৰিত দুহাত...
মোৰ যন্ত্ৰণা ...
ধূসৰিত পৃষ্ঠাত কবিতা
স্বপ্ন,হৃদয়,নদীৰ
হেৰুৱা ঠিকনা ....।
এতিয়া ...
প্ৰেম,অপ্ৰেমৰ ধুমুহাত
বিপয্যস্ত হৃদয়
জোনাকী যৌৱন
আশাহত সপোন
আৰু..উজাগৰী নিশাত
বুকু ভঙা কান্দোন .....
সেযে সুধিছো
এুমিয়েই কোৱা..!
কি দৰে লিখো
তোমাৰ ঠিকনা মোৰ কলিজাত...
Comments
Post a Comment