জংছন

জংছন

ভূমিস্থ হোৱাৰ দিনা
আয়ে তুলি দিলে জীৱনৰ ৰেলখনত
হাতত গুজি দিলে
এটা অনামী জংছনৰ ঠিকনা

বয়সৰ ছিৰি বগাই
আইৰ হাতত ধৰি
পাৰ হ'লো
শৈশৱ আৰু কৈশোৰৰ জংছন

যৌৱনৰ জংছনটোত
মোক অকলশৰীয়া কৰি
হঠাতে আই নামি গ'ল
কিন্তু . . .    . . .
কৈ নগ'ল মোৰ লক্ষ্যস্থান ক'ত
এতিয়া জীৱনৰ ৰে'লখনত
মই এক দিশহাৰা যাত্ৰী |

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…