এটা বিজ্ঞাপন
"এটা বিজ্ঞাপন"
মোক এজনি প্ৰেমিকা লাগে
এটা বিজ্ঞাপন,
বগা কাগজত ৰঙা তেজৰ
এটা বিজ্ঞাপন।
মোক এজনি প্ৰেমিকা লাগে
অৰ্হতা বেছি নহয়...
অকণমান মৰম,
অকণমান জেদ,
অকণমান অভিমান,
অকণমান মিঠা অনুভূতি,
আৰু সম্পূৰ্ন বিশ্বাসী ।
যাৰ বাহুত মই বিশ্বাসেৰে
ৰাখিব পাৰো মোৰ সকলো..
হুমুনিয়াহ, ভাগৰ, সপোন
যিয়ে হব পাৰে মোৰ
দুখ-সুখৰ সমভাগি ।
বগা কাগজত ৰঙা তেজৰ
এটা ঠিকনাহীন বিজ্ঞাপন
আৰি দিলো মই বাটৰ দেৱালত,
যদি পাৰে কোনোৱে মোক দিব পাৰে
উক্ত অৰ্হতাৰ মতে প্ৰেম
তেন্তে মোক বিছাৰি উলিয়াওক ।
মই দিলো এটা ঠিকনাহীন
প্ৰেমৰ বিজ্ঞাপন,
সচাকৈয়ে,মোক এজনি প্ৰেমিকা লাগে
বৰ প্ৰয়োজন,মোক এজনি প্ৰেমিকাৰ ।
বৰ অকলশৰীয়া মই।।।
✒✒হিতাংগ✒✒
Comments
Post a Comment