মৰমৰ পৰীজনী
✍মৰমৰ পৰীজনীঃ
🖊ধনটি শইকীয়া
তুমি আহিলেই
দুচকুত জোনাক সৰে
তুমি আহিলেই
দুচকুত সপোন নামে
সেই সপোনৰ বুকুচাত
বুটলি ল'ম তোমাক
মাথো মধুৰতাৰ
আৱেগ সনা মৰমত।
তুমি দুচকুত
অঞ্জন ল'লে
উজ্বল নীলা বাঢ়ে
সেই নীলাৰ
বুকুচাত কঢ়িয়াই আনা
মৰমৰ নিভাজ ৰঙা
সেই ৰঙতেই ৰঙালী
তোমাৰ দেহা
মথো হৃদয়
মৰমে ভৰা।
দুচকুৰ হাঁহিত
মৰম বিৰিঙে
তোমাৰ,
ক'ৰ পৰী তুমি
মৰ্ত্যৰ নে স্বৰ্গৰ
সোনোৱালী সাজ জোৰত
মৰমিয়াল চাৱনীত
বুকু বিষাই মাথো
মনে বিছাৰে
তোমাক পাবলৈ।
Comments
Post a Comment