মই ভুল ভাবিছিলো আমাৰ বিচ্ছেদক লৈ
মই ভুল ভাবিছিলো
আমাৰ বিচ্ছেদক লৈ
থাকিব নোৱাৰিম
তোমাৰ অবিহনে মই!
প্রিয়া তুমিয়ে দি গলা
প্রেৰনা কবিতা লিখাৰ
আৰু কাৰোবাৰ অবিহনে
সাহস জীয়াই থকাৰ!
নাই মোৰ সুখ নাই
কাৰোবাক হেৰুওৱাৰ
কিন্তু সাহস নাই
কাৰবাক আকোৱালি লোৱাৰ!
শব্দবোৰই এতিয়া মোৰ
একমাত্ৰ লগৰী
শব্দতেই বিছাৰি পাওঁ
পুৱা গধূলি!
Comments
Post a Comment