তোমাৰ প্ৰেমত পৰিমে পৰিম কি কৰিবা ?
তোমাৰ প্ৰেমত পৰিমে পৰিম কি কৰিবা ?
"""""""""""""""'''''''"""""""""
✍🏻 সপোন নিবিড় জোনাক ! !
! !
তোমাৰ প্ৰেমত পৰিমে পৰিম …
কি কৰিবা তুমি ?
সৌ সিদিনা তোমাক দেখা পাইছিলো …
প্ৰথম দেখাতে তোমাৰ প্ৰেমত পৰিছিলো …
ভাল লাগে তোমাৰ কাজল সনা দুচকু …
ভাল লাগে তোমাৰ মেঘালী চুলি তাৰি …
তুল পৰা দুগাল
গুলপীয়া দুটি ওঁঠত জিলিকে তোমাৰ যৌৱনৰ প্ৰতিচ্চবি …
দেহৰ ভাজে ভাজে জিলিকে কামনাৰ জুই …
হয়তো নাজানো তোমাৰ দৰে আধুনিকতাৰ ইংৰাজী …
নাজানো তোমাৰ দৰে লিখিব হৃদয়ত আলোড়ন কৰিব পৰা কবিতা শ্বায়েৰী…
সেইবুলি নহয় মই অশিক্ষিত
অজলা অকৰা …
বুজি পাও প্ৰেমৰ অৰ্থ
বুজি পাও সঁচা হিয়াৰ মৌন ভাষাবোৰ …
এবাৰ পঢ়ি চাবাচোন
মোৰ হৃদয়ৰ অনুভৱবোৰ …
হয়তো তুমিও হৈ যাব পাৰা
এই পাগল প্ৰেমিকৰ পাগলী প্ৰেমিকা …
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
মজা
ReplyDelete