মৰমৰ নীলাঞ্জনা
✍মৰমৰ নীলাঞ্জনাঃ
🖊 ধনটি শইকীয়া
অ মোৰ নীলাঞ্জনা ,
তুমি কুশলে আছানে?
আছানে তুমি মৰমৰ বুকুচাত
উমলি -যামলি
ভগা-বিয়াৰ উৰুলি দি
ন-সাজেৰে ন কন্যা ৰূপত
আনৰ ৰভা শুৱনি কৰি, আনৰ ঘৰৰ লখিমী হৈ উৰণিৰ তলত লাজুকীয়া হাঁহিতি লৈ।
তোমাৰ হাঁহিতি দেখোন
হঠাৎ হেৰাই গ'ল,, ফুলশৰ্য্যাৰ ৰাতি
মধুকৰে ফুলৰ মধু -পান কৰি,
উজ্বল কলিতি মৰহাই থৈ
আতৰি গ'ল পৰিভ্ৰমি হৈ…।
মোৰ মৰমক নেওঁচি
তুমি সাৱতি ল'লা দুখৰ এবুকু শোক ।
তুমি সহ্যকৰিব পাৰিছানে নিলাঞ্জনা, জীৱনৰ ঘাট-প্ৰতিঘাট বোৰ
তোমাক আকৌ সুধিছো
কুশলে আছানে নে? দুখৰ জীৱন কটাইছা,
কোৱা
এবাৰ মৰমৰ লাজুকী ভাষাৰে কোৱা।
Comments
Post a Comment