ক্ৰিং..... ক্ৰিং..... ক্ৰিং.
.......... ক্ৰিং..... ক্ৰিং..... ক্ৰিং..........
_
.......... নীলুৎপলে জেপৰ পৰা মবাইলটো উলিয়ালে। কাব্যাই ফোন কৰিছে।
.
ঃ হেল্ল... কাব্যা কোৱা।
.
ঃ মই গুৱাহাটীৰ পৰা পালেহি; So লগ পাব পাৰিম নেকি সন্ধিয়া.? যদি কোনো কাম নাই ! --- শেষৰ বাক্যটো কাব্যাই অলপ শুনা-নুশুনাকে ক'লে।
.
ঃ OKy... আমাৰ বিয়াৰ লৈকে অৱশ্যে তোমাতকৈ ডাঙৰ কাম মোৰ একো নাই। লগ পাম দিয়া... ভাল লাগিব।
.
ঃ OKy''''' bye.... বাকী কথা লগ পালে ক'ম। --- লগে লগে কাব্যাই ফোনটো কাটি দিয়ে। নীলুৎপলে কিবা এটা কব খুজি ও ৰৈ যায়, মবাইল ডিজকানেক্টৰ শব্দ শুনি।
_
.......... সম্পূৰ্ণ এটা সপ্তাহৰ পাছত নীলুৎপলে আজি কাব্যাক লগ পাব। ২২ তাৰিখে সিহঁতৰ বিয়া। দুয়োখন ঘৰে অনুমতি দিছে। কাব্যাৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল; ডাঙৰকৈ বিয়াখনৰ যো-জা চলিছে।
.
.......... নীলুৎপল এতিয়া অপেক্ষাৰত সন্ধিয়াটোলে; সি জানে কাব্যাই আজি বহু কথা পাতিব। ইমান দিনৰ পাছত লগ পাব কাব্যাক; সেয়ে তাৰো আছে কবলগীয়া। হেঙুলীয়া বেলিটো লহিয়ালে। সন্ধিয়া হল। কাব্যা ও সময় মতে আহি পালেহি। দুয়োৰে মাজত এটা এটাকৈ কথা আৰম্ভ হল। এটা সপ্তাহৰ বাকী থকা কথাবোৰ কাব্যাই এফালৰ পৰা কলে; অৱশেষত সিহঁতৰ বিয়াৰ কথা ওলাল।
.
কথাৰ মাজতে কাব্যাই নীলুৎপলক ধেমালি সুৰত ক'লে --- 'নীল, মোৰ মা-দেউতাই তোমাক তেওঁলোকৰ মৰমৰ ছোৱালীজনী দিব অৰ্থাৎ মোক দিব, গাড়ী দিব, আচৱাব পত্ৰ দিব, সন্মান দিব। ইয়াৰ বিনিময়ত তুমি তেওঁলোকক কি দিবা.?'
.
ঃ তোমাৰ মা-দেউতাৰ মৰমৰ ছোৱালীজনীক মই আশ্ৰয় দিম, মৰম দিম, স্নেহ দিম, নিৰাপত্তা তথা মৰ্য্যদা দিম। --- নীলুৎপলে মিচিকীয়াই ক'লে.।
.
.......... কাব্যাই আৰু একো নকৈ নীলুৎপলৰ চকুলে চাই আকুলতাৰে সাৱটি ধৰে।
..............................................................
✍নৱজিৎ
Comments
Post a Comment