দুখৰ চকুলো

✍দুখৰ চকুলোঃ
  🖊ধনটি শইকীয়া,,,

দুখৰ মাদকতাবোৰ
কেতিয়ানো পৰিব ওৰ
শোকে বুকুত বাৰিষাৰ
ঢৌ তুলি যাই,
সেই ঢৌৱে উটোৱাই নিয়ে
যৌৱনৰ সাঁকোদাল
খহাই মৰমৰ পাৰ।

তীব্ৰ গতিৰে ভাঁহি আহে
পংকিলতাৰ আঁহ বোৰ
হেন্দোলনি তুলি
ফেনে পুতুকাৰে
ভৰি পৰে মৰমৰ পাৰ
তৃক্ত বুকুত দুখৰ সাঁচ বহুৱাই ।

খলকনি তোলে হৃদয়ত
নিষ্ঠুৰ ভাষাৰে
গৰিহনা দি আতৰি যাই
বুজিও নোবুজাৰ
বেশেৰে নিজৰ দুখৰ
চিহ্ন নথৈ ,
শুকোৱাই বাৰিষাৰ
  উভোতনি ধাৰ।

মধুৰতাৰ স্মৃতিবোৰ ধুষৰিত কৰি
দুখৰ সাঁচ বহুৱাই
বুকুত নিলিপ্ততাৰ
শোনিত বাগৰাই
এৰি গ'লা দুখৰ সাগৰত
থৈ গ'লা মাথো দুখৰ
কঁপা কঁপা মাত।

কঁপনি তুলি হৃদয়ত
মৰমৰ ফাঁকুখেলি
ৰঙীনতাৰ বেশ ধৰি
ৰঙবোৰ আতৰাই নিলা
ফাগুনৰ উন্মনা সময়ত
এজাক পছোৱা হৈ।

ভাঙি গ'ল দুখীয়াৰ পঁজা
ৰৈ গ'ল স্মৃতি দুখুনি হৃদয়ত ,
নিস্তেজতাৰ
শেতা পৰা গাল,
গালত হাত থৈ
কান্দিব খুজিছে  কত
ভগ্ন হৃদয়ৰ দুখৰ কংকাল।

কঙালি মনত ৰঙ ছটিয়াই
জীৱন যুঁজৰ জয়গান
গাই ,
ৰনুৱা ঘোঁৰাৰ দৰে
গতি সলনি কৰি
পৰাজয়ৰ শ্লোগান গাই
পৰি ৰৈ শোকত
মুৰত দুহাত বুলাই।

এইয়াই মাথো কপাঁলৰ লিখন  সুখৰ জীৱন ঘূৰি নাহে আৰু দুনাই,।
দুখৰ চকুলোৰে নৈ
বৈ যায়।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন