নতুন সপোন

[2/15, 9:06 PM] Dhanti Saikia: ✍নতুন সপোনঃ
🖊ধনটি শইকীয়া

তোমাৰ অবিহনে
সকলো আন্ধাৰ
জোনাকবোৰ যেন
আতৰি যাই দুখৰ
ডাৱৰ বোৰৰ আঁৰত।

নাজানো কিয় হয় এনে
হঠাৎ বাগৰি যাই দুখৰ
চকুলো,
  সেই চকুলো নিগৰি
বৈ যায়,
     যেন বৰষাৰ
এজাক বৰষুন নামি আহে,
সৃষ্টি কৰে সাতোৰঙী ৰামধনু যাৰ ৰঙেৰে সৃষ্টি হয় কত ৰঙীন খেলা,
সেই ৰঙতেই আজি ঊন্মাদ ,
     
    মাথো অৱকাশ সেইৰঙীন খেলবোৰে
দুখুৰ জোলাঙা
তুলি হৃদয়ৰ ভগ্নাৱশেষ বোৰ কঢ়িয়াই নিয়ে,
নাজানো তাৰ কাৰন
জীৱন স্মৃতিৰ ভগ্ন- প্ৰতিচ্ছবি মোহাৰি মোহাৰি কঠুৰতাৰ
পাতত পিহি পিহি
আজি ক্ষুন্ন হৈ পৰে আশা ।

ই যেন নিৰাশাৰ ঔষধ
শান্তি পাওঁ হেৰাই যোৱাৰ স্মৃতি বোৰ বুটলি,
তৃপ্তিৰে নিজৰেই দুখ
বুলি এটি বিষাদ হাঁহি মাৰি সাৱটি হৃদয়ৰ আঘাট বোৰ ,
তেজ বিৰিঙে দুচকুৰ ফাকেঁৰে মাথো শোকে খুন্দিয়াই ধৰে।

সেই শোকে দগ্ধ কৰে মন ,
তাৰ প্ৰজ্বলিত বহ্নিয়ে
দপ্ দপকৈ জ্বলাই তুলিছে অন্তৰৰ ভাষা বোৰ যেন নিমিষতে এজাক শান্তিৰ বতাহ
আহি তিয়াই গ'ল
অন্তৰৰ অগ্নিকুণ্ড।

  মাথো চেতনা আজি
নতুন সপ্ন আৰু নতুন
প্ৰত্যাহ্বানৰ ।
[2/16, 4:03 PM] Dhanti Saikia: ✍সপোনৰ পৰীজনিঃ
    🖊ধনটি শইকীয়া

তুমিয়েই নেকি সৰগৰ
       দিপলিপ পৰী
জীৱন মুহুৰ্তৰ
সপোন কুৱঁৰী
আজীৱন লগৰী।

        তুমি
সন্ধ্যা ফুলা শেৱালী
আধা ফুলা পাপৰি
সুগন্ধী পৰশ পাই
হৃদয় মুকুতা উজ্বলি যাই।

মৰমৰ সাগৰখনৰ      গভীৰতা জুখি
শেষ কৰিব নোৱাৰি তাৰ
মৰমৰ সীমা।

মৰম মাথো আধৰুৱা
সময় হ'লেই  মৰহী যাই
থাকি যাই মাথো শেতা পৰা কলিতি।
সেই কলিতিকেই
সাৱতি ধৰি হৃদয়ত ৰাখো তাৰেই কীৰিতি।

          তুমি
সপোন কুৱঁৰী মনবননীৰ    ,
মনত দুলনি দি অফুৰন্ত হেপাঁহক নেওঁচি আতৰি গ'লা
থৈ গ'লা মৰমৰ আধৰুৱা চানেকী।
        
          তুমি
সপোন মাথো মুহুৰ্তৰ ,
ৰেঙনি মাথো জুলুঙাৰ ফাঁকেৰে অহা চিক মিক জিলিকনী।
[2/16, 4:30 PM] Dhanti Saikia: ✍আবেলিঃ
   🖊ধনটি শইকীয়া

আবেলি
মন পথাৰ উদুলি-মুদুলি,
পুৱাৰে ৰ'দালি
দিনটো পহৰা দি
কিয় যাব খুজিছা তুমি
সন্ধ্যাৰ কোলাতে শান্তি বিছাৰি।

আবেলি ঐ নাযাবি পাহৰি
জীৱনৰ দুখ বোৰ ভৰিৰে মোহাৰি
গচকি ।

তুমি যে ৰঙ সিচিলা
মনৰে আকাশত
এতিয়া কিয়নো আতৰি
গ'লা গৈ ।

অ অ অ আবেলি সকলো পাহৰি
সুৰুযে হেঙুলীয়াই
কৰে ধিতিঙালি
জীপাল কৰে
মনৰে কোঠালী।

নাযাবি ঐ আবেলি
এন্ধাৰক নানিবি
জোন হৈ জিলিকাবি।
[2/17, 3:04 PM] Dhanti Saikia: ✍এটি অনুভবঃ
  🖊ধনটি শইকীয়া

নীলিম আকাশত
ডাৱৰৰ আঁৰত লুকাই
থাকা তুমি
অস্পষ্ট অনুভুতিবোৰে মনত দুলনি দি আতৰি যাই দুৰ দিগন্তলৈ।
বিচাৰি নাপাই মৰমৰ সীমা
পাই মাথো শূন্যতা।

নিলাজ কবিৰ প্ৰেমৰ কবিতা লিখি যাম
আধাখনিয়া কৈ।
তোমাৰ মনত দুলনি দিয়াকৈ।
[2/18, 5:56 PM] Dhanti Saikia: ✍প্ৰীতিৰ বান্ধোনঃ
   🖊ধনটি শইকীয়া

তুমি যে নুবুজা
   মনৰে কথাবোৰ
কেনেকৈ বুজাও কোৱা।
তুমি সাগৰ
    মইযে আকাশ
      মিলি যাই
       ৰঙৰ নীলা।

বুকুৰ বেথা
    কথাত লাগে লেথা কিয়নো নুবুজা তুমি ।

তুমি নুবুজিলে
   মনৰ কথা
বুজোতা কোন আছে।
তুমিয়েই যদি
  অভিমান কৰা
কথাবোৰ উলোতা ভাৱা
    লাগিব গন্দগুল।
আধৰুৱা হৈ
     পৰিব জীৱন
মন হৈ পৰিব ব্যাকুল।

  তুমি হৈ পৰিবা
মাঠো মোৰ সপোন
     কেনেকৈ পাহৰিম     প্ৰীতিৰ বান্ধোন।।

ভাৱনাৰ আকাশ
   সচাই ৰঙীন
ৰঙীন জীৱনৰ ফুল
তাৰেই এপাহী তুমি, মনটো কৰে ব্যাকুল
যদি কৰা কথাৰ
       মাজতে ভুল।
তুমি বুজিবা
  কেতিয়া শুনিৱা
অন্তৰৰ স্পন্দনৰ ৰুণ।
[2/19, 12:49 PM] Dhanti Saikia: ✍তুমিনো মোৰ কোনঃ
    🖊ধনটি শইকীয়া,,

তুমি মোৰ
   জীৱন নে
সপোন ক'ব নোৱাৰো।
  ক'ব নোৱাৰো
   তুমি নো মোৰ
বৰ্তমান নে ভবিষ্যত।
    এটাই জানো
    তুমি মাথো মোৰ।
যৌৱন আৰু
  জীৱনৰ     মাজ বাটত
তোমাকেই লগ পালো
      এটি চুম্বকৰ দৰে      ধনাত্মক ৰূপত
মৰমৰ বান্ধোনেৰে
     বান্ধ খাই পৰিলো ।।

গভীৰ প্ৰেমৰ
    বান্ধোনেৰে        বান্ধি ল'লো তোমাক
        মৰমৰ জৰীৰে।।

দেখা পোৱাৰ
    লগে লগে মনত এটি জোৱাৰ আহে
    সেই          জোৱাৰে তিয়াই নিয়ে      মোৰ মন।

সপোন সপোন ক্ষনবোৰ আজি যেন বৰষাৰ আগমন।
বৰষাৰ বিষাদৰ বৰষুন জাকে জুৰুলি-জুপুৰি কৰি মনৰ ভালপোৱা বোৰ উটোৱাই লৈ গ'ল ।
থাকি গ'ল মাথো স্মৃতি।
স্মৃতি বোৰে দুলনি দিয়ে
আজি মন বননীত বিষাদৰ  কৰুন বাঁহীত।
[2/19, 1:06 PM] Dhanti Saikia: ✍হেৰাই গ'লা কিয়ঃ
   🖊ধনটি শইকীয়া

হৃদয়ৰ সেউজীয়াবোৰ
হেৰাই গ'ল তুমিহীনতাত।
তুমি হীনতাৰ শুষ্কতাত
ফাঁট মেলিব ধৰিছে
মনৰ ছন পৰা পথাৰ খন।
ধুলিময়ী কৰি গুছি গ'লা
বহুদুৰলৈ
এছাটি পছোৱা হৈ,
ক'লা ডাৱৰৰ লগত মিলি গ'লা
  সুৰুযৰ ৰঙবোৰক নেওঁচি গৈ।

লঠঙা পজাঁটি উদঙাই থৈ
গুছি গ'লা মনৰ আবুৰতাৰ কাঢ়ি লৈ
নগ্ন প্ৰতিচ্ছবি ৰ এটি
ছায়া থৈ।
তুমি বোৱালো মাথো
মোৰ বুকত বিষাদৰ নৈ।
[2/20, 4:31 PM] Dhanti Saikia: ✍ফাগুনৰ প্ৰথম বৰষুণঃ
    🖊ধনটি শইকীয়া

এজাক বৰষুন আহিছে
টোপাল টোপাল কৰি
      বৈ যাই স্মৃতিৰ
     এটোপাল তেজ।

তেজৰ চেকুৰা বোৰে
গোট বান্ধি বৰফৰ দৰে
     শৰীৰত পৰি বিন্ধিব      লাগিছে।
     পংকিল জীৱনৰ       চেকাবোৰ মোহাৰি         নিলে      বৰষুন জাকে।

ফাগুনৰ প্ৰথম বৰষুন
জীপাল কৰে প্ৰকৃতিৰ
মন।
উন্মনা প্ৰকৃতিৰ
        আচল খন আজি উৰিব    লাগিছে কোমল   পছোৱা জাকৰ             ঝিৰি ঝিৰি শব্দত।

   সেই শব্দত বুকুৰ শুকান বোৰে ৰসৰ দেউকা মেলি উৰি যাব     খোজে
সুদুৰ দিগন্তলৈ
মনৰ ধুষৰিত ধোঁৱা হৈ।।
[2/20, 9:52 PM] Dhanti Saikia: ✍প্ৰেমৰ অনুভবঃ
   🖊ধনটি শইকীয়া।

তুমি নাকান্দাবি অ
   কিয় দুখ কৰা
মৰম হেনো চিৰযুগমীয়া।

     বিশ্বাসৰ সত্যবোৰ
হেৰুৱাই নেপেলেবা।
   বুকুত মৰমৰ সাঁচবোৰ
এদাল ৰেখাৰ দৰে
   অক্ষুন্ন কৰি
মৰমৰ বুকুচাত কোমলতাৰে আগবাঢ়ি
  যোৱা ।
    
     দেখিবা
প্ৰেমত নহ'ব অমানিশা
    জোনৰ পোহৰত
জিলিকি থাকিবা এটি     জুৰি হৈ ,
     নিৰলে বৈ থাকিব       প্ৰেমৰ বোৱঁতী নৈ।
[2/20, 10:02 PM] Dhanti Saikia: ✍এজাক বৰষুণ
🖊ধনটি শইকীয়া

ফাগুনৰ এজাক বৰষুণ
নামি আহে সৰগৰ পৰা সোনালী ৰ'থত উঠি
খহি পৰে সোন
যেন সৰগৰ মুকুতা,
তাৰেই জিলিকনিত
জিলিকি উঠে বসুন্ধৰা।

    তুমি আহিলা মনত      জোনাক সিচিলা ,
তোমাৰ পৰশত জীপাল
  প্ৰকৃতিৰ শুকান ৰচনা।

   সেই ৰচনাই আজি
    ভাব গধুৰ কৰে মন
উৰি আহে ধুলীময়ী ক্ষন
পংকিলতাৰ সাঁচ লগা ৰঙ
খুপি খুপি যাওঁ আজি
হেৰুৱাই প্ৰতিটো  ক্ষন
সলালে ফাগুনৰ বৰষুন জাকে
জীৱনৰ ৰঙ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…