তুমি জানো ভালে আছা
💞💔 তুমি জানো ভালে আছা ?? 💞💔
বহু দিনেই হল তোমাক নেদেখা
বহু দিনেই হল তোমাৰ খবৰ নোপোৱা ।
তুমি জানো ভালে আছা !!
তোমাৰ কথাবোৰ কিয় জানো
বলিয়া বতাহ জাকৰ দৰে আহি আমনি কৰেহি ।
তোমাৰ অভিমানবোৰে কিয় জানো
মনটোক সঘনাই খেলিমেলি লগাইহি !!
মোৰ বুলি কমনো কি
সকলোৱেই তোমাৰ মাজতেই হেৰাল
তুমি দি থৈ যোৱা দুখবোৰ
আজি বুকুতেই গলিল ।।
নুসুধানে এবাৰো মই কেনে আছো
নুসুধানে এবাৰো মই কি কৰিছো
যদি সুধা কম " মই ভালেই আছো "
যদি সুধা কম " মই জীয়াই আছো "
তুমি মোৰ নোহোৱা জানিও কম,
তোমাক মই ভালপাওঁ ।
তোমাৰ প্ৰেম নাপালেও
সদায়েই তোমালৈয়ে বাট চাওঁ ।।
জানো মই, মোৰ কথা সুনি তুমি হাঁহিছা
বলিয়া বুলি মোক ইতিকিং কৰিছা।
হয়,
বলিয়া মই
তোমাৰ মুখৰ হাঁহিটি চাবলৈ,
বলিয়া মই
তোমাৰ প্ৰেমত নিজক হেৰুৱাবলৈ।।
জীৱন পথত যদি আহৰি পোৱা
মোকো অলপ সময় দিবা ।
তুমি জানো ভালে আছা
মনতেই নিজকে হলেওঁ কবা ।।
💞💞 💔💔 💙💙
Comments
Post a Comment