সপোন প্ৰেয়সী

💐সপোন প্ৰেয়সী💐
    

যৌৱনৰ পুৱতি বেলাত      তুমি  জিৰালা
মোৰ হৃদয়ৰ  কোলাত,
মনত উদয় হ'ল
এক অবুজ ভাষা
বুজাৱ নোৱাৰিলো।

তোমাক দেখাৰ
    লগে লগে হৃদয় খন কঁপে
এক অবুজ সিহৰনে দুলনি দিয়ে
যাৰ তৰংগৰ দ্ৰুতি ইমান বেচি
ভাষাই প্ৰকাশ কৰিব নোৱাৰো ।
ওচৰত গৈ থমকি ৰওঁ মাঠো,লাজুকিয়া ভাৱেৰে চু চুক চামাক কৈ
মনৰ খিৰিকিৰ মাজেৰে চাও তোমালৈ।
কিমান যে ভাল লাগে তোমাৰ নীলা চকুজুৰি
নয়ন জুৰুৱা মোৰ  মন বননিত
চিক্ মিক্ চাৱনিত মুকুতা সৰে 
তোমাৰ প্ৰতি পলকত ,
বিয়পি পৰে মোৰ মন গহনত।

তুমি মোৰ সপোন প্ৰেয়সী আজিৱন লগৰী
তোমাৰ সুৱাসে মোৰ বিকশাই তুলে মনফুলনি
আজি কৈ গ'লা কৰ্ন তৰংগত মোক ভাল পাওঁ বুলি।

ধ্বংসময়ী জীৱনৰ তুমি য়েই আলোক চবি।
বুজাৱ নোৱাৰো মই মনৰ ভাষা
কিয় জানা , যদি তুমি মোৰ কাষৰ পৰা  আতৰি যোৱা।।

📝নৱজিৎ

০২-০২-২০১৭

আবেলিঃ৪.০০ বজাত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…