কেতিয়াবা সুখী মানুহ মই

কেতিয়াবা সুখী মানুহ মই
      🖊সমীৰণ সপোন

তাইক এবাৰ নিজানত
লগ পোৱা হলে
মোৰ মন ভৰি ৰব
ভৰ বিষাদৰ ৰক্তকো
নেওচি

তাইক  এবাৰ স্পৰ্শ
কৰিব পৰা হলে
বিষাদৰ তেজে
মেলানি মাগিল হয়
গভীৰ তেজক আগচি

তাইক আকৌ এবাৰ
দেখা হলে…
মোৰ মন ভৰি ৰল হয়
বিষাদক তলকৰি
হলো হয় বহুত সুখী

ৰক্তবোৰ কি যে ৰঙা
বগা হোৱা হলে ৰঙাবোৰ
বিচাৰি পালো হয়
যাকেই বিচাৰো
হৃদয়ৰ আপোন মানুহ

মই এজন সৰল লৰা
আকৌ মই সৰল
কেতিয়াবা অভিনয়ত
মোক দেখা পাব পাৰে…!
যদি কৰো মই তেনে নাট

নিজানত তাই লগ পোৱা হলে এবাৰ মাথো
কলো হয় বহু কথা
দুখ বোৰক হেচামাৰি
সুখ দেখালো হয়
জীৱনৰ কচুপাটত
দিলো হয় কথা
লগৰী তুমি মোৰ জীৱনৰ

   মই সচায় সুখী
আৰু সুখীৰ মানুহ
কিয় কলো বাৰু এনে শব্দ
    কাৰন
তাইক আজি সপোনত
লগ পালো
মোৰ সন্মুখত তাই বহি আছিল
তাই এগৰাকী হৈ
কিন্তু কিয়
একো নকলে মোক
তাই………!!

বহু চেষ্টা কৰিচো
তথাপিও অলপ-অলপ
বুধ হয়
জীয়াই নাথাকিম
এই মায়াময় সংসাৰত

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…