ভালপোৱাত সকলো বোৰেই সত্য

ভালপোৱাত সকলো বোৰেই সত্য।
   তোমাৰ বুকুত বলা ধুমুহাজাক,নিয়ৰফুলা নিশাবোৰ,জোনাকৰ বৰষুণজাক,আৰু মোৰ বুকুত.....

  তোমালৈ বুলি থকা মৰমখিনি সকলো খিনিয়ে সত্য সোণপাহি।

     আজি আৰু দুনাই নকও, মোৰ বুকুত দেৱদন্দুভি বাজে কাৰ বাবে কাৰ বাবে মোৰ সময় অসময়ৰ দিনলিপি।
তুমি জানাইছোন......

   ডাৱৰ ফালি ফালি গৈ তোমাৰ আকাশত জোন হোৱাৰ হেঁপাহ জাগে..

      দিহিংৰ বুকুৱেদি উজায় গৈ তোমাৰ বুকুত সাগৰ হোৱাৰ হেঁপাহ জাগে.......

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…