এবাৰো যদি সুধিলাহেঁতেন

এবাৰো যদি সুধিলাহেঁতেন
✍🏻 সপোন নিবিড় জোনাক !
""""""""""
কিমান দিন মোৰ খবৰ নোলোৱা …
মনত আছেনে তোমাৰ ?
অথচ …
তোমাৰ প্ৰতিটো ক্ষণৰেই
খবৰ লবলৈ মন যায়
জানিবলৈ মন যায় ! !
মোৰ মনত পৰে সেই অতীতলৈ …
তুমি যে মোক মনৰ কথা সুধিছিলা …
কুঁৱলিয়ে ঢকা নীলা আকাশৰ তলত  … ! !
আৰুনো কিমান নিয়ৰ সিক্ত উজাগৰী নিশাৰ পৰিধি ভাঙি ৰম …
তুমি মোৰ সকলো জানিও
তোমাক জানিবলৈ নিদিয়া
তোমাক বুজিবলৈ নিদিয়া
মাথো তুমি কৰি গৈছা উপেক্ষা …
আৰু মই দিনে দিনে কৰিছো মাথো অপেক্ষা … ! !
এবাৰো যদি সুধিলাহেঁতেন তুমি মোক …
কেনে আছা বুলি …… ! !

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…