শৰৎ আহিলেহে ফুলিব শেৱালি

@ *শৰৎ আহিলেহে ফুলিব শেৱালি* @
                     ✍স্বপ্ননীল শইকীয়া

ঐ শুনচোন........
তই জাননে তাই আজি হাঁহিব পাহৰিলে......
তাই হাঁহিত আমাৰ চুবুৰী খেলিছিল....
সকলোৰে সৈতে উমলিছিল....
গাওঁৰ বুঢ়া মেঠা ডেকা গাভৰু ভাই ভন্টি সকলোৰে প্রিয় আছিল তাই।
তাই হাঁহিলে ভাগৰ পলাই......
সদায় হাঁহি আছিল তো আনকো হাঁহিবলৈ শিকাইছিল.....
বৰ আলসুৱা আছিল...
দুষ্ট কৰে কিন্তু কোনো তাইক একো ক'বকে নোৱাৰে....
কাৰণ সেইয়া ভুল হয় মাথোঁ ধেমেলিয়া হে....
তাইক দিনত এবাৰ নেদেখিলে কৰোঁ যেন ভাত পেটলৈ নাযায়....
একদম নিভাঁজ সোণ তাই.....
সদায় ফুলি থকাৰ হেঁপাহ তাইৰ....
কাকোকে দুখী দেখিব নোৱাৰে....

কিন্তু অলপ সময়ৰ অন্তৰালত বাৰু কি অঘটন ঘটিল....??
আজি চোন তাই নিমাত পক্ষী।
পাখীহীন যেন....
আজি তাই আৰু উৰিবলৈ নিবিচাৰে....
কিয়.....কিয়........?????
পোহৰ দেখিলে ভয় কৰা হৈছে.......
য'তে বহে তাতে জোপোকা মাৰে.....
যেন তাই দেহত প্ৰাণ নাই.....
শিল হৈ পৰিছে লাহে লাহে......
চকুলো বৈ নাথাকে .....
কিন্তু তাইৰ চকুত অমাব্যস্যাৰ সাক্ষাৎকৰাৰ প্ৰমাণ ভালকৈ পোৱা নাই.....
হয়তো তাইৰ চকুলোৱে শেষ হৈ গ'ল.....
আজিকালি তাই মানুহ গ'লে ওলাই নাহে..
আগতে তাইৰ হে প্ৰথম দৰ্শন হৈছিল...
আজিকালি মাত দিলেও থুনক থানাক মাত এটা দি আঁতৰি যায় আকৌ অন্ধকাৰ কোঠালিটোলৈ.....
সদায় জোনাক বিলাই ফুৰা জোনাকী ৰ এই দশা দেখি বুকু কঁপি যায়...
কোনে তাইৰ হাঁহিত বিষ ঢালিলে…......????
তাইও কাৰ কি জগৰ লগাইছিল......?
কিহৰ শাস্তি তাই ভোগ কৰিছে.....??
কিহৰ বিভীষিকা তাইৰ শব্দত...??
হে প্ৰভুঃ.......
তাইৰ বাৰু কি ভুল কৰিছিল...........!!!!
এনেদৰে কিয় তাইক তিল তিল কৈ মাৰিবলৈ উঠি পৰি লাগিছা....???

এইয়া বাৰু সময়ৰ নিষ্ঠুৰ প্ৰহাৰ নে কোনোবা নিষ্ঠুৰ অমানৱীয় লোকৰ নৃশংসতা....???
এই ছবি চাই থকাৰ সম্ভৱ নহয়....
তাইক কোনে তুলি ধৰিব......?
শুকাই গৈছে এপাহি সুগন্ধি গোলাপ......?
ফুলাৰ আৰম্ভনিতে কোনে তাইৰ গা গছ ডালত চোকা অস্ত্ৰৰে  ঘপিয়াই থৈ গ'ল........??
উঃ..........
কি অসহ্যকৰ......দৃশ্য......
জীয়া যন্ত্ৰণাৰ ছবি...
নোৱাৰিম আৰু তাই এনে মুখনি চাই থাকিবলৈ.......
তাই বিষাক্ত সময় বোৰ মোলৈ
দি দিয়া.......প্ৰভু.......

তাই আকৌ হাঁহিব পাৰিলে হে আকৌ চুবুৰীৰ পদূলিত শৰৎ নামিব........
শৰৎ নামিলে হে শেৱালি ফুলিব........

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…