বিষাদৰ ৰঙঃ
✍বিষাদৰ ৰঙঃ
🖊ধনটি শইকীয়া
বিষাদৰ ৰঙবোৰে দুলনি দিয়ে সেউজী কৰি স্মৃতিৰ কোমল বননী,
বিষাদৰ বুকুচাত উমলি থাকিবা তুমি,
কেতিয়াও হ'ব নিদিও
মনৰ আকাশত সেমেকা গধূলী।
গধূলীৰ পদুলী জীৱন আহু-শালি ক'ত ৰঙৰ বীজ সিচি নাঙলৰ শিৰলুত তুলিলো ক'ত মাটি,
সেই মাটিতেই প্ৰাণ পাই উঠে অন্তৰৰ সজীব পথাৰখনি।
মোৰ দুখৰ প্ৰাণত শীতলতাৰ দুৱৰী সিঁচি,
কেচা ফাগুনৰ ৰঙবোৰ
বুলাই দিয়া
শৰীৰৰ বিষাক্ত তেজত।
বিষাক্ত কীটবোৰে কামুৰিব ধৰিছে সুন্দৰতাৰ সুন্দৰখিনি
তাতেই চানেকী তুলি
ফুল বাছিছে শিপিনীয়ে
দুখৰ গৰকা ভাঙি
সুখৰ কাঠী তুলি।
জীৱনৰ ৰঙবোৰ ধূলিয়ৰী হৈ মিলিগ'ল
ধূলিৰ লগত বালিৰ কনিকা হৈ,
তাকেই সানি ল'লো জীৱন ঘাটত ৰঙীন কৰি
জিলিকনিৰ সাঁচ থৈ।
Comments
Post a Comment