অভিমানী ফাগুন
((( অভিমানী ফাগুন )))
✍ৰাহুল দাস
অভিমানী
ফাগুন তই,
মোৰ বুকুত শিমলু ফুলিলেই
তোৰ ইংগিতত
দুষ্ট পছোৱা জাকে
বুকুৰ আঁচল উৰুৱাই
জুখিব খোজে
ভালপোৱাৰ গভীৰতা ...॥
তই তো নজান
তোৰ আগমনত
মোৰ মনৰ আকাশত
মেঘৰ নাচোন ..,
তোৰ নামতে মোৰ
কত সপোন
উন্মনা মন...।
তোৰ অভিমানত
মোৰ বুকুত সৰে
বিৰিখৰ হালধীয়া পাত
লঠঙা বুকুত বাজি উঠে
ৰিঙা ৰিঙা গান,
তই নুবুজ
অবুজ ফাগুন
তোলৈ মোৰ যে
কিমান মৰম
তোৰ মৰমতে
শিমলু পলাশ ফুলি
ৰঙা হয় আকাশ ..
তোৰ মায়াতে
এমুঠি আৱিৰ লৈ
ব্যাকুল ৰাধা......॥
@@@॥॥॥@@@@@
Comments
Post a Comment