অনাথ
-----অনাথ------
ডিভোৰ্চ পেপাৰখনত চহীটো কৰি থাকোতেই টোপ টোপকৈ
চকুলো সৰি থাকিল অংশুমানৰ ৷ নিজতকৈয়ো বেছি ভাল
পাইছিল অনিন্দিতাক সি ৷ কিমান সপোন লৈ পাচঁ বছৰীয়া
প্ৰেমৰ অন্তপেলাই বিবাহ নামৰ পবিত্ৰ বান্ধোনটোৰ সৈতে
বান্ধ খাইছিল দুয়োজনে ৷ কিন্তু আজি এবছৰ সম্পূৰ্ণ নহওঁতেই
ফাট মেলিব খুজিলে সিহঁতৰ সপোনৰ ঘৰখনত ৷ অনিন্দিতাই
অংশুমানৰ সৈতে সংসাৰ গঢ়িব নিবিচাৰে ৷ নিবিচাৰে তাৰ
মৰম ভালপোৱা একো ৷ তাই নিজেই ডিভোৰ্চ পেপাৰখন আনি
অংশুমানৰ টেবুলখনত থৈ মাকৰ ঘৰলৈ গুছি গৈছে আৰু এটুকুৰা
কাগজত লিখি থৈ গৈছে " কাইলৈ বৰপেটা আদালতত ১১ বজাত
কাগজখনত চহী কৰি লৈ আহিবা, আনুষ্ঠানিক ভাৱে অন্ত
পেলাম আমাৰ সংসাৰখন"৷
কথাবোৰ ভাৱি থাকোতেই ডিভোৰ্চ পেপাৰখনত চকুপানী এটোপাল পৰি
অংশুমানৰ চহীটো সামান্য নষ্ট কৰি পেলালে ৷ ইমান নিষ্ঠুৰ হ ' ব পাৰেনে তাৰ
দেৱী সদৃশ সহধৰ্মিনী অনিন্দিতা ৷ তাৰ মৰম , ভালপোৱা , সপোন সকলো
কেনেকৈ মোহাৰি পেলাব খুজিলে তাই ৷ আজি তাই তাৰ সৈতে নাই মানে
কোনো নাই তাৰ ৷
"অনাথ আছিল সি ৷ সি অনাথ আছিল কাৰনেই
ছাগে অনিন্দিতাইওঁ তাক হিয়া উজাৰি মৰম
কৰিছিল, মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব
দিয়া নাছিল ৷ ডাক বিভাগত চাকৰিটো
পোৱাৰ পিছত নিজাকৈ ঘৰ বনাইছিল সি ৷
অনিন্দিতাক কইনা সাজেৰে আনি ঘৰ
সুমুৱাইছিল…৷"
: মি অংশুমান বৰা আপোনাৰ দেউতা হৱ পৰা ক্ষমতা নাই ৷ I
AM SORRY -
ডাক্টৰজনে পৰীক্ষাৰ ৰিপোৰ্টটো চাই কথাষাৰ কোৱাৰ লগে
লগেই শিল পৰা কপৌৰ দৰে থৰ হৈ ৰৈছিল অংশুমান আৰু
অনিন্দিতা ৷ অসহায় হৈ গৈছিল সি ৷ লাহে লাহে
অনিন্দিতাই তাক গুৰুত্ব নিদিয়া হৈছিল ৷ মাতৃত্বৰ সুখ দিব
নোৱাৰাৰ বাবে অনিন্দিতাই অংশুমানক এৰাই চলা হৈছিল ৷
লাহে লাহে অশান্তি নামি আহিছিল সিহতঁৰ সুখৰ সংসাৰ খনত
৷ এনেদৰেই দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু
এদিন অনিন্দিতাই ডিভোৰ্চ কৰাৰ শেষ সিদ্ধান্তটো লৈ
লৈছিল ৷ অংশুমানৰ সৈতে আজীৱন একেলগে থকাৰ
প্ৰতিশ্ৰুতি দিয়াৰ পিছতো খং আৰু আবেগৰ বশৱৰ্তী হৈ লোৱা
সিদ্ধান্তৰ বাবে উচুপি উঠিছিল অনিন্দিতা ৷ অংশুমানক এৰি
থকাৰ কথা কোনো দিনেই ভৱা নাছিল তাই ৷ কিন্তু আজি
কেনেকৈ কি হ 'ল একো ধৰিব নোৱাৰিলে ৷ অংশুমানৰ
অবিহনে তাইৰ জীৱনটো শূণ্য এটাই চেপি ধৰা যেন অনুভৱ
কৰিলে তাই ৷ তাৰ অনুপস্থিতিতহে তাই তাৰ মূল্য বুজি পালে ৷
তথাপিওঁ তাৰিখ দিয়া মতে তাই আজি আদালতত যাৱলৈ সাজু
হ 'ল ৷ শেষ বাৰৰ বাবে অংশুমানৰ নামত সেন্দুৰখিনি দীঘলকৈ
আঁকি ললে তাই ৷ কিবা বিশেষ বস্তু এটা হেৰুওঁৱাৰ ভয়ত
শিহৰিত হৈ উঠিল তাই ৷ ভাগি পৰা মনটোক সৱল যেন দেখুৱাই
দেউতাকৰ লগত আদালতলৈ ওলাই আহিল তাই ৷ অনিন্দিতা
আহি পোৱাৰ কিছু সময় পিছত অংশুমানো আহি পালে ৷
ভিতৰি বিধ্বস্ত সি ৷ দেখিলেই যিকোনো মানুহে ধৰিব
পাৰিব ৷ চকুৰ গুৰিত কলা চিন পৰিছে ৷ তাৰ টোপনি ক্ষতি বা
বেছিকৈ কন্দাৰ কাৰনে ৷ অনিন্দিতাই বুজি পোৱাত অন্তৰখন
কান্দি উঠিল তাইৰ ৷ সিহঁতে বিশেষ একো কথা নপতাকৈ জৰ্জ
(বিচাৰপতি )ৰ ওচৰলৈ গ 'ল ৷ জৰ্জে দুয়োজনকে শেষবাৰৰ বাবে
সুধি ডিভোৰ্চ পেপাৰখন অনিন্দিতালৈ আগবঢ়াই দিলে ৷ তাই
চহী কৰাৰ কাৰনে কলমটো লোৱাতেই হাতখন বৰকৈ কঁপিব
ধৰিলে ৷ অংশুমানৰ চহীটোত চকুলোৰ দাগটো দেখি তাই আৰু ৰ'
ব নোৱাৰিলে ৷ শব্দ কৰিয়ে কান্দি উঠি ডিভোৰ্চ পেপাৰখন
টুকুৰা টুকুৰকৈ ফালি পেলালে তাই ৷ অংশুমানৰ কাষলৈ গৈ
জোৰকৈ
সাৱতি ধৰিলে তাক ৷ তাই ক্ষমা খুজিলে তাক দুখ দিয়াৰ
কাৰনে ৷ সিওঁ তাইক সাৱতি ধৰি উচুপি উঠিল , কিন্তু এয়া তাৰ
আনন্দাশ্ৰু ৷ নিজৰ সন্তান
নাথাকিলেওঁ দুখ নকৰে এতিয়া তাই ৷ অনাথ আস্ৰম এখনৰ পৰা
শিশু এটি
আনিব একেবাৰে নিজৰ সন্তান কৰি ৷ সিহঁত শিশুটিৰ মাক
দেউতাক হ 'ৱ ৷ সংসাৰখন নতুনকৈ সজাৱ য’ত অভাৱ নাথাকিৱ
মৰম ভালপোৱা বিশ্বাস ইত্যাদিৰ ৷
*****সমাপ্ত *****
📝নৱজিৎ
Comments
Post a Comment