তুমি হয়তো নাজানা

তুমি হয়তো নাজানা
"""""""""""""""""""""
✍🏻 সপোন
! ! ! ! !
তুমি হয়তো নাজানা
তোমালৈ মোৰ কিমান হেপাহ …
মোৰ বুকুত এতিয়াও ভাহি আছে
মৰহিযোৱা ফুলপাহৰ গোন্ধ …
তোমাক লৈ দেখা সপোনবোৰে এতিয়াও বাট চাই আছে …
তুমি আহিবা বুলি …! !
হোৱাটচ আপত যেতিয়া কোৱা তোমাৰ ৰিলেচনশ্বিপৰ কথা …
মোৰ বুকুত শোকে খুন্দা মাৰি ধৰে …
দুচকুৰে চকুলোৰ বৰষা নামি আহে … ! !
তুমি হয়তো নাজানা
তোমালৈ মোৰ কিমান মৰম …
তোমাৰ বি এফ এ বেয়া পাব বুলি
তোমাক কোৱা নহয় …
আলফুল মইও তোমাক ভালপাও বুলি … ! !

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…