এই মুহূৰ্তৰ পৰাই তোমাৰ কথা ভাবিম

এই মুহূৰ্তৰ পৰাই তোমাৰ কথা ভাবিম।
======================
এই মুহূর্তৰ পৰাই
তোমাৰ কথা ভাবিম
নিঃসংগতাক আঁতৰাই
তোমাৰ সতে কথা পাতিম
প্ৰতিটো পুৱা আৰু সন্ধিয়া ।

তোমাৰ কথা ভাবিলেই
পুলকিত হৈ পৰে মন
ইচ্ছা হয় প্ৰতিটো সন্ধিয়া
তোমাৰ সতে বহি
ভাৱনাৰ সাগৰত ডুব যাবলৈ ।

মন যায় সমাজৰ হকে কাম কৰি
আধা দেখা সপোনবোৰ
বাস্তবিত কৰিবলৈ ।

এই মুহূৰ্তৰ পৰাই
তোমাৰ কথা ভাবিম
তোমাক লৈ লিখিম কবিতা
সুস্থ সমাজ গঢ়াৰ
বিচলিত যুৱ চামক
মানুহ কৰাৰ ।

য'ত নাথাকিব হত্যা লীলা
য'ত নাপাব
কেঁচা তেজৰ গোন্ধ

মাথোঁ থাকিব
কেঁচা মাটিৰ গোন্ধ
আৰু সেউজীয়াৰ
ৰঙীন কল্পনাৰ ঘৰবোৰ ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…