শীত আৰু নাই

শীত আৰু নাই।

কুঁৱলীৰ বগা চাদৰবোৰো
উৰি গল বতাহত।
ফৰকাল আকাশত নীলা আৰু নীলা। আঘোণৰ সোণোৱালী শস্য যেন
এতিয়া ভঁৰালৰ ৰখীয়া।
নৰাণিবোৰ হৈ পৰিছে পথাৰ।
সিহঁতে যেন আকাশৰ পিনে
মূৰ দাঙি কব খুজিছে
সোণোৱালী অতীতৰ কথা।
ফাগুন,এয়া যে ফাগুন!
চৌদিশে বাজি উঠিছে এক অজান, অস্হিৰ উদাস ফাগুনৰ গান।
ফাগুন ফাগুনেই হয়।
যাক বহাগ বা শাওণ,
আহিন বা আঘোণ;
আন কোনো নামেৰে কৰিব
নোৱাৰি নামকৰণ।

উদং আকাশ,উদং বতাহ,উদং পথাৰ, উদং গছ-বন-বননিত নিজৰ নাম
চিহ্নত কৰি যোৱা এয়াইতো ফাগুন। ফাগুনৰ পৰিচয় ফাগুনৰ
উদং ৰুপ-ৰসত।
যাৰ বুকুত গভীৰলৈকে প্ৰোথিত
ৰিক্ততাৰ সেই প্ৰাচীন সুৰ।
আকাশে-বতাহে বিয়পি
পৰে সেই ৰিক্ততা।
বহাগত কুঁহিপাতেৰে নিজকে সজাই আকাশৰ দাপোণত মুখ চোৱা
গছবোৰ এতিয়া লঠঙা।

মাটিত সৰাপাতবোৰ হৈ পৰে ঝুমুৰ। এবাৰ ইফালে এবাৰ সিফালে,
এনেদৰেই বতাহত উৰি ফুৰে সৰাপাতবোৰ পঁজাহীন হৈ।
এসময়ত গছবোৰক সজাই-পৰাই
ভৰুণ কৰি ৰখা পাতবোৰ
নিজেই সময়ত শুকাই সৰি পৰে গছবোৰৰ বুকু শুদা কৰি।
সৰাপাতবোৰৰ ঠিকণা
কেৱল বতাহেহে জানে।
বতাহ বলে, ফাগুনী বতাহ!
কঢ়িয়াই আনিবলৈ মাথোঁ ৰিক্ততা,
মাথোঁ শূণ্যতা।

শূণ্য পথাৰ, ৰিক্ত হৃদয়; তাতে ফাগুনৰ আঁচল উৰুওৱা বতাহ লৰাবলৈ মাথোঁ আগলি কলাপাত,
কঁপাবলৈ ফাগুনৰ সৰাপাত।
দুবাহু টান কৰি মাথোঁ
থিয় দি ৰয় গছবোৰ।
হালি-জালি নাচিবলৈতো
সিহঁতৰ পাতবোৰেই নাই।
সোঁৱৰণী হৈ পৰে সেইবোৰ
বহাগী দিনৰ, ভোগালী সময়ৰ।
পাত নাথাকিলে কি গছ?
পানী নাথাকিলে কি নদী সেয়া?
দুবাহু মেলি ৰৈ থকা গছবোৰ দেখি
এনে লাগে যেন সিহঁত
কাৰোবাৰ আকুল অপেক্ষাত।
বতাহেতো নাজানে কাৰ বাবে অপেক্ষা লঠঙা গছবোৰৰ... ।

ফাগুনৰ বাৰু ৰং আছেনে?
নুফুলা ফুলৰ বতৰতো
ফুল ফুলে পলাশ,শিমলু, মদাৰ। গোন্ধহীন ফুল ফুলে,
হয়তো ফাগুনোৰো গোন্ধ নাই বাবেই। জুই লাগে চৌদিশে।
আকাশে-বতাহে পলাশ,
শিমলু, মদাৰ বৰণ জুই।
কিন্ত ফাগুনৰ ৰং? আছে, আছে__ ফাগুনৰ ৰং প্ৰাচীন জুইৰঙী।
সকলো হেৰুৱাই শূণ্য
হোৱাৰ ৰং ফাগুনৰ।
জ্বলি উঠে শুকাণ সৰাপাতত
বিয়পি ফাগুনৰ বনজুই।

দূৰ-দিগন্তক ফাগুনৰ ৰিক্ততাৰে আচ্ছন্ন কৰি ৰখা টকলা পাহাৰত জুই লাগে। নৰাণিত জুই লাগে।
ৰদেৰে শুকাই থকা ফাগুনৰ শুকান দুপৰীয়াবোৰত জুই লাগে।
জুই লাগে বনত,জুই লাগে মনত,
জুই লাগে ফাগুনৰ পথাৰত,
এই ফাগুন ফাগুন হৃদয়ত।
ফাগুনৰ ৰঙা ফুলবোৰ শুকাই
মৰহি শেষ হৈও শেষ নহয়।
ৰং সলাই ফুলবোৰ ফাকুগুড়ি হয়। ফাকুগুড়িয়ে সেউজীয়া, বেঙুনীয়া, হালধীয়া আদি বহু নাম লৈ
ফাগুনৰ মুখত পৰেহি।
ৰঙেৰে ৰঙীণ হৈ উঠে
ফাগুনৰ মুখ, শুকাণ বুকু,
হয়তো হৃদয়খনো অলপ অলপ।
পলাশ-শিমলু-মদাৰৰ
তেজৰঙৰ ভৰত যেন জৰজৰকৈ
সৰি পৰে কলিজাৰ ফাকুগুড়ি !
কলিজাৰ তেজেৰে মিলি
পৰে পলাশৰে ৰং।

একো নথকাৰ পিচতো যি থাকি যায় সেয়াই হয়তো উতলা ফাগুন।
দুষ্ট,নিলাজ ফাগুন!
এয়া যে ফাগুনৰ বদনাম।
চকুত ধূলি মাৰি বাগি মাৰি
সাৰি যায় দুষ্ট ফাগুন।
ফাগুন আহে মানুহৰ মনলৈও
বতাহত দেও দি নাচিবলৈ।
হৃদয়ৰ গভীৰৰ পৰা সকলো
বাধাৰ প্ৰাচীৰ ভাঙি ওলাই আহে
উৰুঙা ফাগুন।
যেন সেই ফাগুনে এছাটি বতাহ হৈ, বনজুই একুৰা হৈ আমাক
ক্ৰমাৎ নিঃশেষ কৰি দিব।
থাকেনো কি ফাগুনৰ বতাহত?
কি থাকেনো ফাগুনৰ সৰাপাতৰ।
একোতো নাই সিহঁতৰ।
যেন এক অস্তিত্ববিহীন সত্তা,
যি বসন্তৰ ৰং আৰু ৰুপ হেৰুৱাই
হৈ পৰে নিঃস্ব।

তথাপি বলে উৰুঙা ফাগুন;
গান এটা হৈ শূণ্যতাৰ।
গছবোৰ নাচি উঠে সেই গানৰ সুৰত;
উদং কৰিবলৈ নিজৰ
শৰীৰৰ সেউজীয়া।
যি সেউজীয়াই দি যায় আমাকো
এবুকু শূণ্যতা। আৰু বনজুইকুৰা।
সিওঁ জ্বলি উঠে আমাৰ বুকুৰ
গোটেই উৰুঙাখিনি হৈ।
আমি যেন কৰবাত কিবা
হেৰুৱাই পেলাইছো।

সকলো হেৰুৱাৰ পিছত আমাৰহৃদয়ত জ্বলে পলাশ-শিমলু-মদাৰ..।
জুই লাগে মনত।
একুৰা অদৃশ্য জুইয়ে আমাক দহে
ভিতৰৰ পৰা ফাগুনৰ উৰুঙাখিনি হৈ, উদং এজাক বতাহ হৈ,
লক্ষ্যবিহীন এজাক সৰাপাত হৈ,
পলাশৰ এমুঠি জুই হৈ।
আমাৰ বুকুৰ কোনোবাখিনিত
নিশব্দে ৰৈ থাকে ফাগুন;
এবাৰ চুই চাবলৈ ৰিক্ততাক,
শূণ্যতাক আৰু সোঁৱৰাই দিবলৈ
পোৱা-নোপোৱাৰ হিচাপ।

বিস্তীৰ্ণ মুকলি পথাৰৰ দৃশ্যমান ৰিক্ততাখিনিয়ে হয়তো আমাক অজানিতে সোঁৱৰাই গুচি যায় আমি হেৰুৱাই পেলোৱা ভোগালী দিনৰ কথা। সেয়ে এক ৰিক্ততাৰ প্ৰাচীন অনুভৱে আমাক জোকাৰি যায়।
লঠঙা গছবোৰেও দুবাহু টান কৰি আকাশক কব খোজে__
সিহঁতৰ পাই হেৰুৱাৰ বেদনা।
শূণ্য ফাগুন,ৰিক্ত ফাগুন,উৰুঙা ফাগুন। আৰু ফাগুন? ফাগুন কি?
ফাগুন হয় মায়াবী।
ফাগুনৰ ডেউকাৰ বতাহত লুকাই থাকে এক অবুজ মায়া;
যাৰ বাবে বাৰে বাৰে
শূণ্যতাৰ অনুভৱেৰে আমাক
নিঃস্ব কৰি যোৱাৰ পিচতো
আমি ফাগুনক আদৰণি
জনাওঁ সংগোপনে।

আমাৰ ভিতৰৰ অনামী ফাগুনৰ
বাবেই আমি মনে মনে আহ্বান কৰো উৰুঙা ফাগুনক।
শূণ্য, ৰিক্ত অস্তিত্বৰ উপলব্ধি সত্বেও
আমি ভালপাওঁ ফাগুনক।
অজানিতে প্ৰেমত পৰো ফাগুনৰ।
কাৰণ বুলিবলৈ ৰিক্ত, শূণ্য ফাগুনী বতাহৰ শুকান উন্মাদনাৰ আচল মূল্য। ফাগুনৰ উৰুঙাখিনিৰো মূল্য আছে। নহলেনো ভৰাই থাকেনে ফাগুনে হেজাৰজন নিঃস্ব কবিৰ হৃদয়?
নহলেনো কবিতা-কাননৰ
চুকে-কোণে লুকাই থাকেনে
ফাগুনৰ উৰুঙাখিনি।।

                        

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…