জোনাকে দূৰ কৰে মোৰ নিঃসংগতা

জোনাকে দূৰ কৰে মোৰ নিঃসংগতা
=======================

জোনাক নিশা এজাক বতাহে
আকাশত কাঁচি জোনৰ পোহৰক
এচকলা ঘনকলা ডাৱৰে
আৱৰি ৰাখিছে।
সঁচাকৈ মনোমোহা ইয়াৰ প্ৰতিচ্ছবি।
নিৰিবিলি বতাহ জাকে মোৰ
মৌন উঠ দুটি কপাই তুলিছে।
এটি সৰু নিজান বাটেদি
নিসংগতাক লৈ মই আগবাঢ়িছো
আত্মাৰ দৰে।

ওচৰৰ ঘাহঁনিৰ পৰা অহা
জিলিৰ কাণ তাল মাৰা বিকৃত শব্দ
আৰু দুৰৈৰ পৰা ভাহি অহা
কুকুৰৰ ভুকণিয়ে মোৰ নিঃসংগতা
যেন অতি গভীৰ কৰি তুলিছে।
জোনাক ৰাতি এই মনোমোহা
দৃশ্য চাবলৈ মোৰ ইচ্ছা নাই।
নিঃসংগতাই মোক ঘন এচাতি
ক'লা ডাৱৰৰ দৰে আৱৰি ধৰিছে।
এই মাজ নিশা অকলে মোৰ
বৰ ভয় লাগিছে।

জোনাক যেন মোৰ নোহোৱা হৈ গৈছে
চৌদিশে অন্ধকাৰে আগছি
ধৰিছেহি মোক।
প্ৰিয় জনৰ পৰা আঁতৰি থকা বেদনাই
মোক নিঃসংগ কৰি তুলিছে।
এন্ধাৰৰ বুকুত নিজকে বিলিন কৰি
মোৰ এই নিঃসংগতাৰেই সীমাহীন
জীৱনযাত্ৰা............ ।।।।

                  ✒✒হিতাংগ।।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…