তোমাৰ বুকুত শব্দময় নদীৰ গভীৰতা

তোমাৰ বুকুত
শব্দময় নদীৰ গভীৰতা
শাওণৰ আকাশৰ উন্মাদনা
তোমাক ভাল পাওঁ বুলি
কলেই ৰিম ঝিম
বৰষুণ নামে
তুমি শব্দময় প্রাণৰ
দুহিতা, ভালপোৱাৰ নন্দন
প্রতিমা...
তুমি শব্দ তুমি গোন্ধ
আহিনৰ দুবৰি বুটলা
সোনাৰুৰে মালা গোঠা
কবিতাৰ দৰে সজোৱা
নিশাৰ আকাশ
তোমাৰ উশাহত
ফুলে শেৱালিৰ সুবাস!!
🙏🙏🙏

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…